দৰঙত উপ ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ শুভ উদ্বোধন

দৰঙত উপ ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ শুভ উদ্বোধন

মংগলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাকালি দৰং জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত জিলা ভিত্তিত ‘উপ ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযান’ৰ শুভ উদ্বোধনী অনুষ্ঠান মংগলদৈ অসামৰিক চিকিৎসালয়ত অনুস্থিত হয়৷ এই অভিযানৰ শুভ উদ্বোধন কৰে দৰং জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ৰমেশ চন্দ্ৰ গোস্বামীয়ে। উদ্বোধনী ভাষণত ডা: গোস্বামীয়ে কয় যে দৰং জিলাত ০ পৰা ৫ বছৰ বয়সৰ মুঠ ১,৩৬,৮৬৯ গৰাকী শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদানৰ বাবে ৬৯৬ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ, ৬২ টা ভ্ৰাম্যমান প্ৰতিষেধক প্ৰদান দল, মুঠ ২,৮৫৯ গৰাকী প্ৰতিষেধক কৰ্মী আৰু ১৬৮ গৰাকী পৰিদৰ্শক নিয়োগ কৰা হৈছে ৷ অভিযানৰ সফল ৰূপায়নৰ বাবে সকলো অভিভাৱকক নিজৰ শিশুটিৰ লগতে ওচৰ চুবুৰীয়া শিশুক ওচৰৰ প্ৰতিষেধক কেন্দ্ৰত দুটোপাল পলিঅ’ প্ৰতিষেধক খুৱাবলৈ তেওঁ বিনম্ৰ আহ্বান জনায় ৷ উক্ত অনুস্থানত দৰং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, জিলা প্ৰতিষেধক বিষয়া, মংগলদৈ অসামৰিক চিকিৎসালয়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।