দৰঙত অৰুণোদয় ২.০ ৰ অধীনৰ নতুন হিতাধিকাৰীসকলৰ মাজত অৰুণোদয় কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠান

দৰঙত অৰুণোদয় ২.০ ৰ অধীনৰ নতুন হিতাধিকাৰীসকলৰ মাজত অৰুণোদয় কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠান

মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত কালি অৰুণোদয় ২.০ ৰ অধীনৰ নতুন হিতাধিকাৰীসকলৰ মাজত অৰুণোদয় কাৰ্ডৰ আনুষ্ঠানিক বিতৰণৰ সভা অনুষ্ঠিত হয়। অসমৰ কৃষি, উদ্যান শস্য, পশুপালন, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন মন্ত্ৰী অতুল বৰা আজিৰ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই কয় যে নাৰী শক্তি মহান শক্তি । নাৰীয়ে আমাৰ সমাজত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। সমাজ এখন সামগ্ৰিক উন্নয়নত মহিলাৰ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলা সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰে পৰিয়ালসমূহ তথা অসমৰ সবলীকৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী থকা কালতে অৰুণোদয় আঁচনিৰ সূচনা কৰিছিল । তেওঁ লগতে কয় যে ৰাজ্যখনৰ মহিলাৰ অৰ্থনৈতিক সুৰক্ষা আৰু পুষ্টি গুৰুত্বপূৰ্ণ বিষয় । অসমৰ মহিলাসকলক আৰ্থিক আৰু পৌষ্টিক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে ২০২০-২১ বিত্তীয় বৰ্ষত অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰা হৈছিল। আঁচনিখনৰ নিৰ্দ্ধাৰিত ধনৰাশি প্ৰতি মাহৰ ১০ তাৰিখে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংকৰ একাউণ্টত জমা হয় । মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে এই আঁচনিৰ অধীনত আৰম্ভণিতে হিতাধিকাৰীয়ে ৮৩০ টকাকৈ পাইছিল । ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত ২০২১ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা এই ধনৰাশি ১০০০ টকালৈ আৰু ২০২২ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা এই ধনৰাশি মাহিলী ১২৫০ টকালৈ বৃদ্ধি কৰা হয়। বৰ্তমান এই আঁচনিখনত অধিক হিতাধিকাৰীৰ অন্তৰ্ভুক্তিৰে সম্প্ৰসাৰিত কৰি অৰুণোদয় ২.০ ৰূপে নামাকৰণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ৰাজ্য চৰকাৰখনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই প্ৰসংগত তেওঁ বৰ্তমানৰ যুৱপ্ৰজন্মৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ লগতে চৰকাৰখনে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে চৰকাৰী চাকৰিত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি ইতিহাস ৰচিছে বুলিও মন্তব্য কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰ আধাৰত শিক্ষাৰ পৰা কৃষিলৈকে সকলো ক্ষেত্ৰতে সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আৰু উন্নয়ন সাধন কৰিছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে সনাতন ধৰ্মই মাতৃ সমাজক সদায় উচ্চস্থান দি আহিছে। সেয়ে আমি শক্তিৰূপত মা দূৰ্গা, ঐশ্বৰ্য-সম্পদৰ দেৱী মা লক্ষ্মী আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰূপে মা সৰস্বতীক পূজা-অৰ্চনা কৰো । আমাৰ সমাজত মাতৃসকলক সদায় আগস্থান দিয়া হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ মহিলাসকলৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ প্ৰসংগ উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনেও আৰম্ভণিৰে পৰা নাৰীসমাজৰ উন্নয়ন আৰু প্ৰগতিক অগ্ৰাধিকাৰ দি আহিছে। ভাৰতীয় নাৰীৰ মেধা আৰু শক্তিৰ প্ৰসংগত দেশৰ শেহতীয়া চন্দ্ৰ অভিযানৰ লগত জড়িত বিজ্ঞানীৰ দলটোত বহুসংখ্যক মহিলা বিজ্ঞানী থকাৰ কথা তেওঁ উল্লেখ কৰে। আমাৰ সংসদীয় ব্যৱস্থাত দেশৰ মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবৰ বাবে লোকসভা আৰু বিধানসভাত মহিলাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপৰ কথা তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ বাবে আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰি আহিছে। অৰুণোদয় আঁচনিখন ইয়াৰ অন্যতম উদাহৰণ। এই আঁচনিৰ হিতাধিকাৰীসকলৰ আৰ্থিক স্বাৱলম্বিতা আৰু পৌষ্টিক সুৰক্ষাই ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নলৈ প্ৰভূত অৰিহণা আগবঢ়াইছে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে । ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, কলাইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো আৰু অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসেও অনুষ্ঠানত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰং জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে। অনুষ্ঠানত কেইগৰাকীমান হিতাধিকাৰীক অৰুণোদয় কাৰ্ড আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখ্য যে অৰুণোদয় ২.০ য়ে দৰং জিলাৰ ২৮০০০ হিতাধিকাৰী সামৰি ল’ব। উক্ত অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, দৰং বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাৰ লগতে জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীকে ধৰি কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে।