দ্ৰোপদী মূৰ্মূ এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাত উৎফুল্লিত হৈ পৰিছে বিশ্বনাথৰ এগৰাকী মহিলা

Pc India.com

দ্ৰোপদী মূৰ্মূ এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাত উৎফুল্লিত হৈ পৰিছে বিশ্বনাথৰ এগৰাকী মহিলা

ৰঙিলী বাৰ্ত্তাসেৱা-  দ্ৰোপদী মূৰ্মূ এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাত উৎফুল্লিত হৈ পৰিছে বিশ্বনাথৰ এগৰাকী মহিলা। কাৰণ ২০০৬ চনত বিশ্বনাথত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ আহোতে এই গৰাকী মহিলা ছাঁৰ দৰে আছিল দ্ৰোপদী মূৰ্মূৰ সৈতে ৷ মহিলা গৰকী ৰুক্মিণী কিষাণ বৰকটকী৷পাভৈৰ বাসিন্দা ৰুক্মিণীয়ে ৰাষ্ট্ৰপতিপদৰ প্ৰাৰ্থী দ্ৰোপদী মূৰ্মূৰ সৈতে ২০০৬ চনত সাত দিন ছাঁৰদৰে আছিল৷সেই স্মৃতি এতিয়াও সজীৱ হৈ আছে ৰুক্মিণীৰ৷ অতি সাধাৰণ জীৱন যাপন কৰা দ্ৰোপদী মূৰ্মূয়ে বিশ্বনাথৰ অতি ভিতৰুৱা বিভিন্ন স্থানত প্ৰচাৰ চলাইছিল৷ তেতিয়াৰ ছাত্ৰ নেতা তথা এতিয়াৰ সাংসদ৷পল্লৱলোচন দাসৰ ঘৰতো আহাৰ গ্ৰহণ কৰিছিল দ্ৰোপদী মূৰ্মূয়ে৷ সেই সময়ত দ্ৰোপদী মূৰ্মূৰ সৈতে তোলা ফটো সযতনে ৰাখিছে মহিলা গৰিকীয়ে৷