দেৱী দূৰ্গাৰ আশীষে সকলোৰে মুখত বিৰিঙাই তোলক নতুন হাঁহি (শাৰদীয় পূজা বিশেষ) -মানসী মিশ্ৰ

pc Samakal

দেৱী দূৰ্গাৰ আশীষে সকলোৰে মুখত বিৰিঙাই তোলক নতুন হাঁহি (শাৰদীয় পূজা বিশেষ)

-মানসী মিশ্ৰ

প্ৰকৃতিৰ নিয়ম সৰোগত কৰি পুনৰ শৰৎ আহিছে ধৰালৈ। বৰ্ষাৰ উৎকট গৰম আৰু আমনিদায়ক দিনবোৰ পৰা কৰাৰ পিছত সচাঁকৈয়ে শৰতে মানুহৰ মনত যেন সিঁচি দিয়ে এক অজান পুলক। শৰতৰ নিৰ্মল আকাশখনলৈ চালেই যেন এক সজীৱতা আনে, ভাগৰুৱা পথিকৰো ভাগৰবোৰ আপোনা আপোনি নোহোৱা হয়। শৰতৰ নিয়ৰে ৰাতিপুৱা শুভ্ৰ কৰি তোলা দুৱৰি দলিছা এতিয়া দেখিবলৈ পোৱাটো কিছু কঠিন, ৰাতিপুৱা শুই উঠি ককা আইতাৰ সতে শেৱালি ফুল বুটলাৰ মাদকতাও আজিৰ দিনত  বহু পৰিমাণে কমি গৈছে যদিও শৰৎ সদায় শৰতেই। প্ৰকৃতিয়ে গম নোপোৱাকৈ শৰতক এক অনন্য মাত্ৰা প্ৰদান কৰিছে সেয়েহে শৰতক লৈ বহুটো কবিতাৰ সৃষ্টি হৈছে। শৰতৰ প্ৰকৃতিৰ ৰূপ সুষমাই মানুহৰ মনত যিদৰে এক বিমল আনন্দৰ সৃষ্টি কৰে ঠিক তেনেদৰে শৰতক ভাল লগাৰ আন এক কাৰণ হৈছে শৰৎ মানেই উছৱৰ পয়োভৰ। এইবোৰ প্ৰকৃতিৰ নিয়ম সৰোগত কৰি দূৰ্গোৎসৱ আহিছে। দূৰ্গাপূজা মানেই দুৰ্গতি নাশিবৰ বাবে দূৰ্গাদেৱীৰ ওচৰত বছৰটোলৈ আৰাধনা আৰু ইয়াৰ লগে লগে নতুন কাপোৰ, পেপা, বেলুন আৰু গৰম গৰম জিলাপী খোৱাৰ আনন্দ কোনেও পাহৰিব নোৱাৰে বছৰটোলৈ। সেয়েহে দূৰ্গাপূজা অহাৰ দিনটোলৈ সকলো বয়সৰ লোকেই আনন্দৰে বাট চাই থাকে। বৰ্তমানৰ কৰ্মব্যস্ত জীৱনত এই পূজাৰ দিনকেইটাৰ আনন্দই মানুহৰ মনলৈ এক অজান পুলক আনি দিয়ে আৰু কিছুদিনলৈ আমাৰ মন প্ৰাণ সমূহ সজীৱ কৰি ৰাখে। পূজা অহাৰ লগে লগে মানুহ সাজু হৈ উঠে নিজে বিচৰা ধৰণে পূজাৰ আনন্দত ভাগ ল’বলৈ। কিন্তু যোৱা দুবছৰ ধৰি কোভিদ মহামাৰীৰ ভয়াবহতাই এই পূজাৰ আনন্দ ম্লান কৰি পেলাইছে। সেয়েহে পূজাৰ আনন্দ উৎসৱৰ পয়োভৰ আগৰ দৰে নাই। সামাজিক, অৰ্থনৈতিক জীৱনযাত্ৰা স্থবিৰ কৰি পেলাইছে এই মহামাৰীয়ে। দেশৰ লগতে আমাৰ ৰাজ্যৰ অৰ্থনীতিৰ ৰাজহাড় বেকা হৈ গৈছে। বহুদিন ধৰি ৰাজ্যখনে তলাবন্ধ কাৰ্য্যসূচীৰ মাজেদি পাৰ কৰিছে। মানুহৰ অৰ্থনৈতিক জীৱনযাত্ৰা বহু দুৰ্বল হৈ আহিছে। বহুতৰ বাবে দুবেলা দুমুঠি ভাতৰে অভাৱ হৈছে।

তথাপিও প্ৰকৃতিৰ নিয়ম সৰোগত কৰি শৰৎ আহিছে আমাৰ মাজলৈ। সকলোৱে হেঁপাহেৰে বাট চাইছে পূজাৰ এই দিন কেইটালৈ। এইবাৰ আমাৰ ৰাজ্যতো চৰকাৰে দূৰ্গাপূজা অনুষ্ঠিত কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে।  তথাপি যথেষ্ট স্বাস্থ্যসন্মত বিধি বিধান নিয়ম নীতি কঠোৰ ভাৱে বান্ধি দিছে পূজা অনুষ্ঠিত কৰিব বিচৰা পূজা সমিতি সমূহক। ঠিক তেনেদৰে ৰাজ্যখনত কোভিদ-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সামাজিক জীৱনযাত্ৰা প্ৰায় অচল হৈ আছিল। যোৱাটো বৰ্ষত কোভিদ মহামাৰীৰ সংক্ৰমণ অধিক থকা হেতুকে শাৰদীয় দূৰ্গোৎসৱ খুব অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছিল কোভিদ বিধি পালনৰ জড়িয়তে। কোনো ধৰণৰ মেলা অথবা বিনোদনৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ দিয়া হোৱা নাছিল। আমাৰ ৰাজ্যখনত অনুষ্ঠিত হোৱা প্ৰায়বোৰ দূৰ্গাপূজাই সাৰ্বজনীন। একোটা বৃহত্তৰ এলেকাৰ সকলো শ্ৰেণীৰ লোকে আগভাগ লৈ মিলাপ্ৰীতিৰ মাজেদিয়ে এনেকুৱা একোখন পূজা সমাপন কৰে। পূজাৰ দিনত ভক্তিভাৱেৰে দেৱীৰ প্ৰতি সোৱা আগবঢ়োৱাৰ লগতে যথেষ্ট ৰঙ আনন্দৰ মাজেৰে মিলিত হয় সকলোৱে। এনেকুৱা একোখন দূৰ্গাপূজাৰ আয়োজনে সেই সমগ্ৰ অঞ্চলৰ মানুহৰ মাজত এক সৌহাদ্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলে। গতিকে আমি সময়ে সময় অনুষ্ঠিত কৰি থকা উৎসৱ পাৰ্বণ সমূহৰো যথেষ্ট গুৰুত্ব থাকে আমাৰ সামাজিক জীৱনত। এই বৰ্ষত ৰাজ্যখনত কোভিদ বিধি মানি এই পূজাসমূহ অনুষ্ঠিত হ’ব। গতিকে আনন্দ উৎসৱ পালন কৰাৰ সময়ত পূজা কমিটিৰ মানুহখিনিৰ লগতে ৰাইজেও এই নীতি নিয়ম সমূহ মানি চলিবলৈ সম্পূৰ্ণৰূপে আগ্ৰহী হ’ব লাগিব। চৰকাৰে পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি দিছে। ৰাজ্যৰ কোভিদ পৰিস্থিতি কিছু উন্নত হোৱালৈ লক্ষ্য় ৰাখি ৰাজ্য়খনত কোভিদ এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত হোৱা নাই। গতিকে পূজা চাবলৈ অহা সকলৰ লগতে সমানে সমানে পূজা অনুষ্ঠিত কৰা সকলেও সম্পূৰ্ণ সাৱধানতা আৰু সতৰ্কতা মানি চলিব লাগিব। মাস্ক পৰিধান কৰা লগতে চেনিটাইজাৰ সম্পূৰ্ণৰূপে ব্য়ৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে প্ৰতিখন পূজা মণ্ডপত দৰ্শক সকল সোমাওঁতে আৰু প্ৰৱেশ কৰোঁতে যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগিব। নহলে পূজা শেষ হোৱাৰ পিছত ৰাজ্য়ত পুনৰ কোভিদ সংক্ৰমণ হোৱাৰ পূৰা মাত্ৰাই সম্বাৱনা থাকিব। ঠিক তেনেদৰে এপ্ৰিল মাহত চৰকাৰে ৰঙালী বিহুও অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল কোভিদ বিধি অনুসৰি। কিন্তু অকাংশ ৰাইজে এই বিধি সমূহ মানি নচলাৰ বাবেই বিহুৰ ঠিক পিছতেই ভয়াবহ ৰূপত কোভিদ মহামাৰীৰ সংক্ৰমণ হৈছিল। ৰাজ্যখনত ইতিমধ্য কোভিদ মহামাৰীৰ দ্বিতীয়টো ঢৌত বহুলোক আক্ৰান্ত হ’ল আৰু বহুলোকে অকালতে প্ৰাণ হেৰুৱালে। এয়া আমাৰ সকলোৰে বাবে এক শিক্ষা হ’ব লাগে। কথাতে কয় সাৱধানীৰ মৰণ নাই। সমুখত উৎসৱ। গতিকে সকলোৱে আনন্দ উৎসৱতো ভগ ল’ব কিন্তু লগতে সজাগ সতৰ্কও হ’ব লাগিব যাতে পূজা শেষ হোৱাৰ পিছত পুনৰ মানুহক কোভিদে সংক্ৰমিত কৰিব নাৱাৰে। দুটা বছৰ ধৰি ৰাজ্যখন মহামাৰীৰ এই কৰাল গ্ৰাসৰ মাজত সোমাই আছে। সকলো মানুহৰ মনৰ পৰা ৰঙ, আনন্দবোৰ যেন ক্ৰমাৎ হেৰাই গৈছে। সেয়েহে আমি সকলোৱে আশা কৰিছোঁ শাৰদীয় দূৰ্গোৎসৱে আমাৰ সকলোৰে বাবে শান্তি কঢ়িয়াই আনক। মহামাৰীৰ ভয়াবহতা নিৰ্মূল হওঁক ৰাজ্যৰ পৰা। শেৱালীৰ আমোলমোল সুবাস আৰু শৰতৰ স্নিগ্ধ সুবাসে ৰাজ্য়বাসীৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই আনক। লগতে আমি সকলোৱে আশা কৰিম দেৱী মাৰ আশীৰ্বাদত ৰাজ্য়ৰ বিধ্বস্ত হৈ পৰা অৰ্থনৈতিক আৰু সামাজিক জীৱন পুনৰ ঠন ধৰি উঠক। শৰতৰ সুভ্ৰতাই সকলোৰে মুখত নতুন হাঁহি বিৰিঙাই তোলক।