দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- দেৰগাঁৱৰ বালিজানৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। আলট্ৰা বাছ-কয়লা ভৰ্তি টেংকাৰৰ মুখামুখি সংঘৰ্ষত নিহত হৈ ১২জনকৈ লোকৰ। বহুকেইজন লোক বৰ্তমান যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিল ৪৫জনীয়া এটা দল। বগীবিলত বনভোজ খোৱাৰ কথা আছিল এই দলটোৰ। কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই  ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন। ঘন কুঁৱলীৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকল ওলাই আহি উদ্ধাৰ অভিযানত সহযোগ কৰে। ৩.৩০ বজাত যাত্ৰা আৰম্ভ কৰিছিল বাছখনে। পুৱা ৫ বজাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।  মৃতসকলৰ ভিতৰত শিশু- মহিলাও আছে। একেটা পৰিয়ালৰে কেইবাজনৰো মৃত্যু হৈছে। নিহত সকলৰ ভিতৰত ৭ জনৰ পৰিচয় উদ্ধাৰ হৈছে। তেওঁলোক- পিংকী শইকীয়া, ৰিংকু বৰা, ১০ বছৰীয়া নিহাৰিকা শইকীয়া, ১৩ বছৰীয়া শুভাংকৰ শইকীয়া, অনিমা শইকীয়া, দিলীপ শইকীয়া, নৱজিত শইকীয়া। লগতে নিহত হৈছে ট্ৰাক চালক নুৰ আলমৰ।