দেশে পাহৰি গ’ল নেকি ভাৰতৰ স্বতন্ত্ৰতা সেনানী মৌলানা আবুল কালাম আজাদ
আজি স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ উপজা দিন। স্বতন্ত্ৰতা সেনানী, স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতিক মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল ১১ নৱেম্বৰ ১৮৮৮ চনত আৰু মৃত্যু হৈছিল ২২ ফেব্রুয়াৰী ১৯৫৮ চনত। তেখেতৰ জন্মবাৰ্ষিকী ভাৰতবৰ্ষত শিক্ষা দিৱস হিচাপে পালন কৰা হয়। মৌলানা আবুল কালাম আজাদ একেধাৰে এগৰাকী পণ্ডিত, কবি, সাহিত্যিক, সাংবাদিক, যুক্তিযুদ্ধা তথা কৰ্মপটু সুবক্তা আছিল। ভাৰতৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব চম্ভালিছিল, আৰু তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। তেওঁ মৌলানা আবুল কালাম আজাদ নামেৰেই বহুল পৰিচিত। ভাৰতৰ স্বাধীনতা সংগ্রামত তেওঁৰ ভূমিকা আছিল অনন্য। তেওঁক কলকাতাৰ পৰা ১৯১৬ চনত ৰাঁচীলৈ নিৰ্বাসি কৰা হৈছিল। তেওঁ অৰ্থাৎ মৌলানা আবুল কালাম আজাদে কেতিয়াওঁ বিচৰা নাছিল যে, হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি হওঁক বা দুৰত্বত বৃদ্ধি পাওঁক। তেওঁ আছিল দ্বিখণ্ডিত ভাৰতৰ ঘোৰ বিৰোধী। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী হৈ তেওঁ ভাৰতবৰ্ষত বিনামূলীয়া প্ৰাথমিক শিক্ষা আৰু উচ্চশিক্ষাৰ বাবে আধুনিক শিক্ষা প্ৰতিষ্ঠান চালু কৰিছিল। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনোলজি তথা বিশ্ববিদ্যালয় মঞ্জুৰী কমিচন স্হাপন কৰিছিল। ১৯৯২ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন (মৰনোত্তৰ) সন্মানেৰে সন্মানিত কৰা হয়। আজি সেইজন মহান নেতা পাহৰণিৰ গৰ্ভত। যিজন ক্ৰান্তিবীৰে ওৰেটো জীৱন দেশমাতৃৰ সেৱা কৰি যোৱাৰ লগতে হিন্দু-মুছলমানৰ মাজত সমন্বয়-সম্প্ৰীতি প্ৰতিষ্ঠাৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল আজি সেইজন স্বপ্নচাৰী ব্যক্তিক পাহৰণিৰ গৰ্ভত। অনৈক্যৰ মাজত ঐক্য থকা ৰাম-ৰহিমৰ বাৰেৰহণীয়া ফুলনি বাগিচা সুদৃশ্য এইখন অসাম্প্ৰদায়িক ভাৰতবৰ্ষৰ হিন্দু-মুছলমানৰ মাজত সেঁতু নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মৌলানা আবুল কালাম আজাদৰ আদৰ্শ আৰু কৰ্মৰাজি দেশবাসীৰ বাবে সদায়ে প্ৰেৰণাৰ উৎস হৈ ৰব। তেওঁ আৰু তেওঁৰ সতীৰ্থই দেখোৱাই যোৱা বাট অৱলম্বন কৰিলে বিভিন্ন জাতি, জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ মিলনভূমিত কদাপি অবিশ্বাস, হিংসা, ঘৃণা তথা অসহিষ্ণুতাৰ বাতাবৰণে গা কৰি উঠিব নোৱাৰে। কিন্তু পৰিতাপৰ বিষয়টো হৈছে; যিখন ভাৰতবৰ্ষত স্বাধীনতা সংগ্ৰামী তথা ৰাষ্ট্ৰনেতা চৰ্দাৰ বল্লভভাই পেটেল, ড° ৰাজেন্দ্ৰ প্ৰসাদ, মৌলানা আবুল কালাম আজাদ আৰু খান আব্দুল গফ্ফৰ খান একেলগে আহাৰ গ্ৰহণ কৰি সম্প্ৰীতিৰ অনন্য নিদৰ্শন ৰাখি থৈ গৈছে আজি সেইখন ভাতৃত্ববোধৰ সমাজখনত পৰস্পৰে পৰস্পৰক বিশ্বাসত লব নোৱাৰাৰ পৰিবেশ সৃষ্টি কৰা হৈছে। বিভেদ ও বৈষম্যৰ বিষবাস্প বিয়পাই দি হিন্দু-মুছলমানৰ মাজত দুৰত্ব বৃদ্ধি কৰিব বিচৰা হৈছে, পিছে এয়া কেতিয়াওঁ হ’বলৈ দিয়া উচিত নহয়। হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন যিয়েই নহওঁক কিয় সকলোৱে একেলগে মিলিজুলি আছিল, আছে আৰু আগলৈও থাকিব আৰু বুকু ফিন্দাই গাই যাব; ‘মোৰ মনত ভেদভাৱ নাই অ আল্লাহ মোৰ মনত ভিনপৰ নাই অ আল্লাহ হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান মোৰ মনত একেটি ভাৱ’। শেষত স্বাধীন ভাৰতৰ শ্বপ্নদ্ৰষ্টা মৌলানা আবুল কালাম আজাদৰ জন্মবাৰ্ষিকী উপলক্ষে তেখেতলৈ নিবেদিছোঁ শত কোটি শ্ৰদ্ধাঞ্জলি।
ইকবাল হুছেইন