দেশত সলনি হʼল কেইবাটাও নিয়ম

Pc- Hindustan

দেশত সলনি হʼল কেইবাটাও নিয়ম

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশজুৰি বলৱত্‍ হ’ল কেইবাটাও নতুন নিয়ম।বহু নিয়ম হ’ব পাৰে সাল-সলনি।দীপাৱলীৰ পূৰ্বে হ’বলগীয়া এইসমূহ সাল-সলনিত দামবৃদ্ধি, টেকনিকেল সেৱা, মাৰ্কেটৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আহিব।যাৰ প্ৰভাৱ সাধাৰণ লোকৰ ওপৰত পৰিব।বাণিজ্যিক ব্যৱহাৰযোগ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি।প্ৰতিটো বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৬৪ টকাকৈ বৃদ্ধি।নৱেম্বৰ মাহত দীপাৱলী, ষঠ আৰু অন্যান্য উত্সৱৰ সময়ছোৱাত বিশেষ ট্ৰেইন চলিব।ইয়াৰে কিছুমান ট্ৰেইন ১ নৱেম্বৰৰ পৰা চলা আৰম্ভ কৰিছে।চলিত মাহত বিনিয়োগকাৰীলৈ আহিব পাৰে সুখবৰ।১ নৱেম্বৰত পলিচী বাজাৰৰ ইনিচিয়েল পাব্লিক অফাৰ আৰম্ভ হ’ল।

* ভাৰতীয় ষ্টেট বেংকত আৰম্ভ হ’ব কিছু নতুন সুবিধা।ভাৰতীয় ষ্টেট বেংকে ১ নৱেম্বৰৰ পৰা নতুন সুবিধা আৰম্ভ কৰিছে।

*ইয়াৰ অধীনত পেন্সনাৰ সকলে জীৱিত থকা প্ৰমাণ পত্ৰ জমা কৰিবলৈ বেংকলৈ যাব নালাগে।

* একাংশ পুৰণি এণ্ড্ৰইড আৰু আইঅএছ মোবাইলত চাপোৰ্ট নকৰিব হোৱাটছএপ।