দেশত বাজিছে বাৰুদৰ গান- জয়ন্ত প্রকাশ কলিতা

pc. clip arts

দেশত বাজিছে বাৰুদৰ গান

বাজিছে দেশত বাৰুদৰ গান
এখন এখন চহৰ হব ধৰিছে
দীঘল বুৰঞ্জীৰ এখিলা পাত।
বৈছে বমাৰ বৃষ্টিত তেজৰ নৈ
জ্বলিছে শাসন যন্ত্রত ৰঙা চাকি।
নিহপালীত জনতাৰ হাঁহি
কুশ্রী বন্দুকৰ গৰজনীত
কপিছে নেপোলিয়নৰ সমাধী।
উঠিছে সাগৰত হেন্দোলনী।

ৰাছিয়াৰ অশ্লীল গালিৰ
জোৱাৰত ডুবিল ক্লান্ত জনতা।
ৰাছিয়াৰ অশ্লীল উপহাৰত
পাগল হৈ ধীৰ্ণ-শীৰ্ণ হৈছে
চহৰৰ এটা এটা অপ্তালিকা।
যুদ্ধৰ পথাৰত নাই ৰজা
আছে চহীদ হবলৈ যোৱা প্রজা।
যুদ্ধ জয় কৰা ৰজাৰ গৌৰৱ।
আৰু প্ৰজাক চহীদৰ সন্মান।

বাজিছে দেশত বাৰুদৰ গান
ইউক্রেন দেশৰ উকা আকাশত
উৰি ফুৰিছে এতিয়া ৰাছিয়াৰ মান।
ইউক্রেন দেশৰ বজাৰত বিক্রী
এতিয়া কেঁচা তেজৰ টোপোলা।
আৰু আমেৰিকাৰ গুদামত
ভৰ্তি শুকান বাৰুদৰ মছলা।
উৰি থকা পতকাৰ তলত
মৌন প্ৰজাৰ গেলা মৃত্যুক সন্মান।

জয়ন্ত প্রকাশ কলিতা