‘দেউৰী পৰিষদীয় নিৰ্বাচনত বিলম্বৰ আঁৰত চৰকাৰ-প্ৰশাসনৰ অভিসন্ধি’

pc ET Govermment

‘দেউৰী পৰিষদীয় নিৰ্বাচনত বিলম্বৰ আঁৰত চৰকাৰ-প্ৰশাসনৰ অভিসন্ধি’

ৰঙিলী বাৰ্ত্তাসেৱা-  দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিলম্ব ঘটাৰ মূলতে চৰকাৰী প্ৰশাসনৰ অভিসন্ধি আৰু চৰম গাফিলতি বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ মাজুলী মহকুমা দেউৰী ছাত্ৰ সন্থাই।আজি এক প্ৰেছ বিবৃতি যোগে সন্থাৰ সভাপতি ভাগ্যবান দেউৰীয়ে কয়- বৰ্দ্ধিত জনসংখ্যাৰ ভিত্তিত পৰিষদৰ সদস্য – সংখ্যা ১৮ ৰ পৰা ২২ লৈ বৃদ্ধিৰ বাবে চৰকাৰৰ কেবিনেটে কেতিয়াবাই অনুমোদন জনালেও পৰিষদীয় সমষ্টিৰ সীমা পুনৰ নিৰ্দ্ধাৰণ আৰু নতুন সমষ্টি গঠনৰ ক্ষেত্ৰত চৰকাৰী উর্দ্ধতন কৰ্তৃপক্ষই চৰম গাফিলতিৰ লগতে চৰকাৰৰ ৰহস্যজনক উদাসীনতাৰ বাবে পৰিষদৰ নিৰ্বাচনৰ ক্ষেত্ৰত আজিও অনিশ্চয়তা অব্যাহত আছে। ২০১১ চনৰ পৰিষদীয় এলেকাৰ লোকপিয়লৰ তথ্য বিচাৰি অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কাৰ্য্যালয়ে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবলৈ শেহতীয়াভাৱে এখন পত্র প্ৰেৰণ কৰাৰ প্ৰসংগ উত্থাপন কৰি বিবৃতিটোত কোৱা হয় যে চৰকাৰী প্ৰশাসনে পৰিষদীয় নির্বাচন পতাৰ ক্ষেত্ৰত ষড়যন্ত্রমূলকভাৱে বিলম্ব ঘটোৱাৰ ই এক নিকৃষ্ট উদাহৰণ। এনেবোৰ অভিসন্ধি পৰিহাৰ কৰি দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন যথাশীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী দোহাৰি বিবৃতিত কোৱা হয় যে পৰিষদৰ সংশোধিত ভোটাৰ তালিকাত ৰাজ্যৰ বিভিন্ন ঠাইত বসবাস কৰি থকা দেউৰী লোক সকলকো ছেটেলাইট পদ্ধতিৰে অন্তৰ্ভুক্ত কৰিব লাগে।