দেউতা- ৰমণ ৰাজ

pc- VIA Character strengths

দেউতা

ৰমণ ৰাজ

দেউতা, তোমাৰ কৰ্ম ত্যাগৰ
ধাৰ মই কাহানিও পৰিশোধ কৰিব নোৱৰো।

সন্তানৰ আনন্দৰ বাবে তুমি আকাশৰ তৰাও আজুৰি আনিব বিচৰা।
ঘৰৰ পৰিয়ালৰ বাবে জীৱন দান দি হ’লেও সাত সাগৰ সাতুৰি পাৰ হৈ তুমি সুখ আনিব বিচৰা।

দেউতা, তোমাৰ সাহসতে খলা-বমা থকা পথতো খোজ কাঢ়ি যাব পাৰো।
তোমাৰ সাহসতে জীৱন যুদ্ধত
আগবাঢ়ি পাকৈত সৈনিক হব পাৰো।

দেউতা, থাকিলে পৃথিৱীৰ সকলো বস্তুৱে নিজৰ নিজৰ লাগে।
দেউতা, থাকিলে পৃথিৱীৰ
সকলো বস্তুকে ক্ৰয় কৰাৰ ক্ষমতা থকাযেন লাগে।

দেউতাৰ খঙ বা ধমকত মৰম লুকাই থাকে,সন্তানে দুখ পালে চকুপানী মচি অকলে অকলে কান্দে।

দেউতাক কেতিয়াও তিৰস্কাৰ নকৰিবা, বৃদ্ধৰ পিছত কেতিয়াও অৱহেলা নকৰিবা।
কিয়নো ভক্তিৰ প্ৰথম শাৰীতে
নিজৰ মা- দেউতা থাকে।