দেউতা-অনামিকা (সংগীতা)কলিতা

দেউতা

অনামিকা (সংগীতা)কলিতা, শুৱালকুছি

তিনিটা আখৰৰ এটি নাম “দেউতা”,
হৃদয়ৰ আৱেগ
সন্তানৰ লৌহ মায়াত আৱদ্ধ ।
তেওঁৰ মৌনতা হিয়াৰ কৰণিত
জীৱনৰ সত্তা
উৱলি যায় জীৱনৰ ৰং।
তথাপিও আশাত বন্দী
শুভ্ৰতাৰ আলোক বিচাৰি
খোজ পেলাই ,
জীৱনৰ গন্তব্য স্থানলৈ
যন্ত্ৰণা বোৰ নিৰৱে সহ্য কৰে ,
কান্ধত পাতিলৈ মেটমৰা বোজা
সন্তান আৰু পৰিয়ালৰ দায়িত্বত।
তেওঁৰ বাবেই ধৰাখন ৰসাল হৈ পৰে
পৃথিৱীয়ে পাই এক সুন্দৰ উপহাৰ।