দুৰ্গত কল্যাণ ন্যাস, কলাইগাওঁৰ‌ উদ্যোগত সদিচ্ছাৰ আবেলি শীৰ্ষক অনুষ্ঠান

দুৰ্গত কল্যাণ ন্যাস, কলাইগাওঁৰ‌ উদ্যোগত সদিচ্ছাৰ আবেলি শীৰ্ষক অনুষ্ঠান

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- কলাইগাওঁ দুৰ্গত কল্যাণ ন্যাসৰ উদ্যোগত যোৱা শনিবাৰে সদিচ্ছাৰ আবেলি শীৰ্ষক এক অনুষ্ঠান সম্পন্ন হয়। ২০০৭ চনত প্ৰতিষ্ঠা লাভ কৰা অসমৰ অগ্ৰণী মানৱদৰদী স্বেচ্ছাসেৱী অনুষ্ঠান কলাইগাওঁ দুৰ্গত কল্যাণ ন্যাসে জন্ম লগ্নৰে পৰা ওদালগুৰি আৰু দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী নিঃস্ব আৰু দুৰ্গত দুৰাৰোগ্য ৰোগী, উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ শৈক্ষিক ক্ষেত্ৰখনত উজ্বলি উঠা ছাত্ৰ -ছাত্ৰীক ‘সদিচ্চাৰ আবেলি ‘ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে সামান্য আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। দিনৰ ১ বজাৰ পৰা কলাইগাওঁ ৰাজহ চক্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে সমাজকৰ্মী দেৱাঞ্জন সিংহই বন্তি প্ৰজ্বলন আৰু ন্যাসৰ উপদেষ্টা নৰেশ্বৰ ডেকাই স্মৃতি তৰ্পণ কৰে। ন্যাসৰ কাৰ্যকৰী সভাপতি বিশিষ্ট সমাজকৰ্মী কৃষ্ণকান্ত বড়োৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, ৬৫ নং কলাইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো, মঙ্গলদৈৰ বিশিষ্ট উদ্যোগপতি ৰাজীৱ কুমাৰ ডেকা(এছ আৰ ডি গ্ৰুপ),নিদিষ্ট বক্তা বিশিষ্ট গল্পকাৰ টংলাৰ জয়ন্ত চক্ৰৱৰ্তী, কলাইগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাবেৰী ৰংপিপি,চিৰাং জিলাৰ প্ৰকল্প সঞ্চালক ৰবীন বৰুৱা, কলাইগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ, কলাইগাওঁ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰূপম ভাৱাল প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যোগপতি ৰাজীৱ কুমাৰ ডেকাই কয় যে আমি কাম কৰা মানুহ, সততাৰে কাম কৰিলে সফলতা নিশ্চিত ভাৱে লাভ কৰিব পাৰি। অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ -ছাত্ৰী সকলক সামাজিক দায়বদ্ধতা ৰক্ষা কৰি দুৰ্গত সকলৰ হিতৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁ কয় ‘পিতৃ-মাতৃলৈ ভগৱান সদৃশ শ্ৰদ্ধা অটুট ৰাখি দায়িত্ব আৰু কৰ্তব্য পালন কৰিলে ঈশ্বৰৰ আশীৰ্বাদ লভিব পাৰি।’ বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই শক্তিপীঠ কামাখ্যা মন্দিৰৰ পুৰোহিত ঐতিহাসিক চৰিত্ৰ কেন্দুকলাইৰ লগতে ষোড়শ শতাব্দীৰ বিদগ্ধ পণ্ডিত কবি গোবিন্দ মিশ্ৰৰ স্মৃতি জড়িত কলাইগাওঁৰ উন্নতিৰ হকে কাম কৰিবলৈ এতিয়াও বহু বাকী থকা বুলি আক্ষেপ কৰে। তেওঁ বিটিআৰ প্ৰশাসনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ উন্নয়নৰ বাবে প্ৰস্তাবিত আৰু অনুমোদিত জনকল্যান মুখী কেবাখনো আঁচনিৰ সফল ৰূপায়নৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰে। চক্ৰ বিষয়া কাবেৰী ৰংপিপিয়ে শৈক্ষিক আৰু সাংস্কৃতিক দিশত কলাইগাওঁৰ চহকী ৰূপে তেওঁ আকৰ্ষিত কৰে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলক নিজ লক্ষ্যৰ পৰা বিচলিত নহ’বলৈ আহ্বান জনায়। উল্লেখ্য যে দৰং জিলা সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকাই পৰিচালনা কৰা আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীত উপস্থিত থকা অভ্যাগত সকলে চলিত বৰ্ষৰ বাবে ন্যাসৰ আৰ্থিক সাহায্য পাবলৈ বাছনিভুক্ত হোৱা শৈক্ষিক ক্ষেত্ৰৰ ২৭ গৰাকী আৰ্থিক ভাৱে দুৰ্বল কৃতিমান ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰি আৰ্থিক সাহায্য, মানপত্ৰ, গ্ৰন্থৰ লগতে এটি গছপুলি প্ৰদান কৰে লগতে ৭ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীলৈ আৰ্থিক সাহায্য আগবঢ়াই তেওঁলোকৰ ৰোগমুক্তি কামনা কৰে।ইয়াৰোপৰি চিকিৎসাধীন হৈ থকা ন্যাসৰ সভাপতি, কলাইগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে সেৱা আগবঢ়াই যোৱা তথা বৰ্তমানৰ বিটিআৰৰ সচিব জনদৰদী বিষয়া দিঠকানন্দ হাজৰিকাৰ আশু আৰোগ্য সকলোৱে কামনা কৰে । অনুষ্ঠানত স্থানীয় শিল্পী দিপাঞ্জলী চহৰীয়া, প্ৰকল্প সঞ্চালক ৰবীন বৰুৱা, বিশেষ ভাৱে সক্ষম শিল্পী পিঙ্কি দে ই একক গীত পৰিৱেশন কৰাৰ লগতে বাদ্যযন্ত্ৰী সমন্বিতে আটায়ে সমবেত কণ্ঠত”মানুহে মানুহৰ বাবে”গীত পৰিৱেশন কৰি পৰিবেশ জীপাল কৰি তোলে। উক্ত অনুষ্ঠানত সংবাদ মাধ্যমৰ সাংবাদিক পেঞ্চন প্ৰাপ্ত ইমৰান হুছেইন, কলাইগাওঁ প্ৰেছ ক্লাবৰ সভাপতি টংকেশ্বৰ বৰুৱা, সম্পাদক পূৰ্বজ্যোতি মেধি, জ্যেষ্ঠ সাংবাদিক গগণ নাথ,হৰেণ ডেকা, কিশোৰ কুমাৰ শৰ্মা আদি উপস্থিত থাকে । নিজৰ শিপাৰ পৰিচয় অটুট ৰাখিবলৈ সকলোৱে যত্নপৰ হোৱা উচিত বুলি আশা প্ৰকাশ কৰি টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, বিশিষ্ট নিবন্ধকাৰ ঘটেশ্বৰ বৰুৱাই উপস্থিত ৰাইজৰ শলাগ লয়। অনুষ্ঠান পৰিচালনাত সহযোগিতা আগবঢ়োৱা আটাইলৈ ন্যাসৰ কৰ্মকৰ্তা শিলপোটা মৌজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মা আৰু ন্যাসৰ সম্পাদক নগেন বৈশ্যই কৃতজ্ঞতা জ্ঞাপন কৰে।অসম সঙ্গীত পৰিবেশনেৰে মননশীল অনুষ্ঠানটিৰ সামৰণি পৰে।