তোমাৰ সতে যুঁজি থকা
মোৰ বহু দিনেই হ’ল।
তুমি মোক পোৱাৰ
আৰু মই তোমাক এৰাৰ
আপ্ৰাণ চেষ্টা চলিছে।
প্ৰাণৰ তাড়নাত
তোমাৰ সতে কথা পাতো।
তুমি যেন মোক
এৰিব নোখোজা।
প্ৰাণৰ কাষেৰে যোৱা
শব্দবোৰ এতিয়া তুমি
শুনিব নোখোজা।
তুমি হয়তো জানা
সকলো ভাৱৰে খেলা।
আন্ধাৰ ৰাতি দেখা
সপোন মোৰ মনত আছে।
মই বিচাৰি ফুৰিছিলো
পৃথিৱী আৰু সময়ৰ পাৰ্থক্য।
উন্মাদনাৰো হেনো
বৈশিষ্ট্য আছে।
ক’তা, মোৰ বাবে দেখোন
উন্মাদনা, পৃথিৱী, সময়
সকলো একেই
সকলো যেন নিৰ্জীৱ।
জীৱণৰ মহেন্দ্ৰক্ষণত
তুমি মোক পোৱাৰ
ক’ত যে হাবিয়াহ কৰিছা।
মই যেন নিৰুপায়।
দুৰাৰোগ্য ৰোগব্যাধি
যে তুমি।