দুর্গা পূজা -নিতিস্মান দাস

pc Jagran

দুর্গা পূজা

-নিতিস্মান দাস
সপ্তম শ্রেণী

দুর্গা পূজা, মহাপুজা কৰে দেৱী দুৰ্গাৰ আৰাধনা,
ভাৰতবাসীৰ আনন্দৰ, নাই কোনো সীমা।
সকলোফালে দোকান, এয়ে পূজাৰ হাৱা,
শৰৎ ঋতুৰ আগমন আৰু সুখৰ ছায়া।
আন এটা নাম তোমাৰ দশভূজা,
নৰলোকত ৰামে কৰিছিল তোমাৰ পূজা।
সৎ মানুহক দুর্গা দেৱীয়ে দিয়ে জ্ঞানৰ প্ৰকাশ,
আৰু দানৱবোৰৰ হয় শীঘ্ৰে বিনাশ।
হাতত তোমাৰ বিষ্ণুৰ দৰে শংখ, চক্র, গদা, পদ্ম আৰু তোমাৰ ত্ৰিশূল,
তোমাৰ আগমনতে হয় ধৰাখনি আমোল-মোল।
তুমি হৈছা সকলো দেৱতাৰ আশ্ৰয় আৰু বল,
তুমিয়ে বোৱালা সকলো দানৱৰ তেজৰ ধল।
দেৱী দূৰ্গাৰ আগমন হয়, দিৱস মহালয়া,
তুমি নাৰীৰ শক্তি আৰু আছে সকলোৰে প্ৰতি দয়া।
মহাষষ্ঠীত দেৱীৰ বোধন, অধিবাস আৰু আমন্ত্রণ,
কৰা পাপীৰ নাশ, তুমিয়েই মহানিৰঞ্জন।
মহিষাসুৰক বধ কৰি হ’লা মহিষমৰদিনী,
সপ্তমী দিনা পূজা কৰোঁ, দুৰ্গা স্বৰূপ কালৰাত্ৰী।
অন্যান্য ৰূপ তোমাৰ ব্ৰহ্মচাৰিণী আৰু শৈলপুত্ৰী,
মহাঅষ্টমীত কৰা হয়, তোমাৰ নৱৰূপ মহাগৌৰী।
বিজয়দশমী বিসর্জন দোখেৰে, সমুদ্ৰত মিলি যায়,
ধৰিত্ৰী আই আৰু সন্তানে, সুমঙ্গলময় আশীর্বাদ পায়।
কিন্তু মানুহ বিলাকো হৈ পৰিছে, মহিষাসুৰৰ দৰে দানৱ,
তোমাৰ কৃপা বিনে, পৰিত্ৰাণ অসম্ভৱ।
কৃপা কৰি মা দুৰ্গা কৰা দুৰ্গতি নাশ,
ধাৰাৰ পৰা অপশক্তিৰ হওক বিনাশ।

।। জয় দুর্গা মা ।।