দুঃসাহসিক অভিযান – ৰশ্মি ৰেখা দুৱৰা

PC - iStock
দুঃসাহসিক অভিযান
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
পৰ্বতৰ মোহনাত খুপি খুপি খোজেৰে
নিৰলস দুঃসাহসিক অভিযান
দুভৰিৰ খোপনিতে জীৱনৰ ভৰসা
বিপদে ৰিঙিয়াই আমন্ত্ৰণ জনায়
প্ৰতি পদে পদে মৃত্যুৰ আকুল আহ্বান।
মেঘাচ্ছন্ন আকাশত শুকুলা আৱৰণ
প্ৰকৃতি ৰুষ্ট পৰিৱেশ গোমা…!
চৌদিশ নয়নাভিৰাম
শুভ্ৰ বৰফৰ টুকুৰাৰে মন সৰিছে
সপোন যেন পৰিৱেশে তুষাৰপাতৰ মজিয়াত
বাস্তৱৰ বৰণ সলাইছে।
শুভ্ৰ বৰফৰ জিকমিকনিত
অলপপৰ আনন্দত বিভোৰ
পুনৰ দুঃসাহসিক অভিযান
বহু প্ৰত্যাশা,বহু কষ্টৰ অনুশীলন
অতিমাত্ৰা ঠাণ্ডাকো চেৰ পেলাই
শিখৰে বাৰে বাৰে আদৰণি জনাইছে
বিজয়ৰ ধ্বজা উৰুৱাবলৈ।
একাগ্ৰতাৰে দৃঢ় সংকল্প লৈ
সাৰি সাৰি সাহসেৰে পুনৰ অভিযান
পৰ্বতত প্ৰচণ্ড এভালেন্সৰ খুণ্ডাত
সপোনে ব্যৰ্থ হৈ পিছহুহুকিছে
আশাবোৰে বাট হেৰুৱাইছে
পুনৰ যাত্ৰা; সপোনৰ, দিঠকৰ
মনৰ প্ৰবল শক্তিৰ…!