দীপাৱলী উপলক্ষে  চানমাৰিত মাটিৰ চাকি-তেল আৰু দীপাৱলীৰ অন্যান্য সামগ্রী বিতৰণ পূব গুৱাহাটী বিধান পৰিষদৰ

Pc- ETv Bharat

দীপাৱলী উপলক্ষে  চানমাৰিত মাটিৰ চাকি-তেল আৰু দীপাৱলীৰ অন্যান্য সামগ্রী বিতৰণ পূব গুৱাহাটী বিধান পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম গণ পৰিষদৰ ভাতৃ সংগঠন পূব গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দীপাৱলী উপলক্ষে  চানমাৰিত মাটিৰ চাকি-তেল আৰু দীপাৱলীৰ অন্যান্য সামগ্রী বিতৰণ কৰে।  চানমাৰিৰ অভিযান্ত্রিক খেলপথাৰত আয়োজিত মাটিৰ চাকি প্রদান কার্যসূচীত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, দলৰ মুখপাত্ৰ সীমান্ত ঠাকুৰীয়াকে ধৰি কেইবাগৰাকী নেতা-কর্মী উপস্থিত থাকে। অনুষ্ঠানত শতাধিক লোকৰ মাজত মাটিৰ চাকি, মিঠাতেল আদি বিতৰণ কৰা হয়। ‘সেউজ গুৱাহাটী আৰু প্ৰদূষণমুক্ত’ শীৰ্ষক সংকল্পৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অগপৰ ভাতৃ সংগঠনটোৱে চাকি-তেল বিতৰণ কৰাৰ উপৰি এক গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা বুলি অগপৰ মুখপাত্ৰ সীমান্ত ঠাকুৰীয়াই জানিবলৈ দিছে।