“দিল্লীৰ যন্তৰ-মন্তৰত মহিলা মল্লযোদ্ধা সকলৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ প্ৰতি সংহতি প্ৰকাশ”
ৰঙিলী বাৰ্ত্তাসেৱা- অল ইণ্ডিয়া ডেম’ক্ৰেটিক ষ্টুডেণ্টছ অৰ্গেনাইজেচনৰ সৰ্বভাৰতীয় কমিটীৰ আহ্বানত আজি দিনৰ ১২ বজাত দিল্লীত মহিলা মল্লযোদ্ধাসকলৰ ওপৰত বিজেপিৰ সাংসদ তথা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণ চৰণ সিংঙে চলোৱা যৌন নিৰ্যাতনৰ নিৰ্লজ্জ কাৰ্যৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধা সকলে সংগঠিত কৰি থকা আন্দোলনৰ প্ৰতি সংহতি জনাই সৰ্বভাৰতীয় সংহতি দিৱস পালিত হয়। সংগঠনৰ সৰ্বভাৰতীয় কমিটীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমতো জিলাই জিলাই সংহতি দিৱস পালিত হয়। এই উপলক্ষে আজি এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰৰ SAI ( Sports Authority of india) কাৰ্যালয়ৰ সন্মুখত দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে বেনাৰ,দাবী সম্বলিত প্লেকাৰ্ড লৈ ” মহিলা মল্লযোদ্ধা সকলক যৌন নিৰ্যাতন চলোৱা বিজেপি সাংসদ ব্ৰিজভূষন চৰণ সিঙক অবিলম্বে গ্ৰেপ্তাৰ কৰক, মহিলা মল্লযোদ্ধা সকলৰ ওপৰত যৌন নিৰ্যাতন চলোৱা ৰেষ্টলিং ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষন চৰণ সিঙক গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শাস্তি দিয়ক ,নাৰী নিৰ্যাতনকাৰীসকলৰ বিৰুদ্ধে নতুন দিল্লীত আন্দোলনৰত আন্দোলনকাৰীসকলৰ ওপৰত পুলিচী আক্ৰমনক আমি জনাওঁ ধিক্কাৰ , ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক , ব্ৰিজভূষণ চাৰণ সিঙক অবিলম্বে ভাৰতীয় ৰেচলিং ফেডাৰেচনৰ সভাপতি পদৰ পৰা বৰ্খাস্ত কৰক ” ইত্যাদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে। বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এ আই ডি এছ অ’ৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুয়ে কয় যে বেটি পঢ়াওঁ , বেটী বঁচাও শ্লগান দিয়া প্ৰধানমন্ত্ৰী কেবলমাত্ৰ চকু মুদা কুলিৰ ভাও জুৰি ক্ষান্ত হৈ থকা নাই, বৰং নতুন দিল্লীত আন্দোলনৰত মল্লযোদ্ধাসকলৰ ওপৰত পুলিচী আক্ৰমণ নমাই আনিছে। ইয়াক নিন্দা জনোৱাৰ বাবে কোনো ভাষা যথেষ্ট নহয় । আমি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ছাত্ৰ তথা খেলুৱৈ সমাজক আগবাঢ়ি আহি তীব্ৰ আন্দোলন গঢ়ি তুলি ভুক্তভোগী খেলুৱৈসকলক ন্যায় প্ৰদান কৰিবলৈ বাধ্য কৰাৰ বাবে আহ্বান জনায়। এক প্ৰেছ বিবৃতিত এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীয়ে মাৰ্গেৰিটাত এগৰাকী মহিলাক নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ নৃশংস ঘটনাক গৰিহনা জনায় আৰু অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনায়।