দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ নাৰেলা ঔদ্যোগিক এলেকাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮ জন লোক আহত হয়। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হয় আৰু অগ্নিনিৰ্বাপক অভিযান অব্যাহত আছে। এই পৰ্যন্ত প্ৰায় ২০ জন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে আৰু ৮ ৰ পৰা ১০ জন লোক এতিয়াও ভিতৰত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে বুলি জানিব পৰা গৈছে। প-আৰক্ষী সঞ্চালক ডি কে মাহলায়ে প্ৰকাশ কৰা অনুসৰি, “২০ জন লোকক উদ্ধাৰ কৰা হৈছে, ইয়াৰে ১৮ জন আহত আৰু ২ জনৰ মৃত্যু হৈছে।” ইয়াৰ পূৰ্বে আৰক্ষীয়ে জনাইছিল যে আহত লোকসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, আৰু সকলোৱে সুস্থিৰ আৰু সামান্য আঘাতপ্ৰাপ্ত। ‘‘দুজন ব্যক্তিৰ মৃত্যু হৈছে আৰু তেওঁলোকৰ পৰিচয় চিনাক্ত কৰা হৈছে। ‘‘দুজন ব্যক্তিৰ মৃত্যু হৈছে আৰু তেওঁলোকৰ পৰিচয় চিনাক্ত কৰা হৈছে। মৃতকৰ বয়স ৩০-৩৫ বছৰ।’’ বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। দিল্লী আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, পুৱা ৯.৩৫ বজাত নাৰেলা ঔদ্যোগিক এলেকাৰ এটা জোতা কাৰখানাত অগ্নিকাণ্ডটো সংঘটিত হয়। উপ-আৰক্ষী সঞ্চালকৰ মতে, কাৰখানাৰ ভিতৰত ৰখা পলিয়ুৰেথেন মেচিন এটাৰ চুইচ অন কৰাৰ পিছত এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ তদন্ত চলি আছে।