দিব্যাংগ নাট্য বিদ্যালয়ত নাট প্ৰশিক্ষণৰ শুভাৰম্ভ

দিব্যাংগ নাট্য বিদ্যালয়ত নাট প্ৰশিক্ষণৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-   দিব্যাংগ নাট্য বিদ্যালয়ৰ উদ্যোগত আজি নতুন ঠিকনা জোনালী তিনিআলিৰ সেন্দুৰিআলি পথ, ঘৰৰ নং: ৫ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে নাট প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক, লেখিকা, ‘দিব্যাংগ নাট্য বিদ্যালয়’ৰ উপদেষ্টা বন্দিতা ফুকনে৷ উপস্থিত থাকে ডি আৰ এছৰ প্ৰতিষ্ঠাপক গিনিমা বৰপূজাৰী, ডি আৰ এছৰ অধ্যক্ষা মৌচুমী বৰপূজাৰী শৰ্মা। অনুষ্ঠানত ‘দিব্যাংগ নাট্য বিদ্যালয়’ৰ ছাত্র ছাত্ৰী সকলৰ লগতে ডি আৰ এছৰ ছাত্ৰ ছাত্ৰী সকলেও অনুষ্ঠান পৰিৱেশন কৰে৷ এই অনুষ্ঠানতে এ পি সাউদ প্ৰডাকশ্বনৰ জৰিয়তে সাধাৰণ শিশু সকলক নাটক, অভিনয়ৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে নাট্য বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। এতিয়াৰ পৰা ‘দিব্যাংগ নাট্য বিদ্যালয়ে’ দিব্যাংগ শিশু সকলক আৰু এ পি সাউদ প্ৰডাকশ্বনে সাধাৰণ শিশু সকলক নাট্য শিক্ষা প্ৰদান কৰিব। অনুষ্ঠানৰ আঁত ধৰে ‘দিব্যাংগ নাট্য বিদ্যালয়’ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদে। উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক প্ৰণৱ ৰাজখোৱা, আকাংক্ষা খাউন্দ, জুনমণি ৰয় আৰু অভিভাৱক সকল।ইচ্ছ্যুক আগ্ৰহী ছাত্ৰ ছাত্ৰীয়ে ৯৭০৬১৪৩০৬৬,৯৮৬৪১১২১৩০ নম্বৰত যোগাযোগ কৰিব পাৰে৷