দিব্যাংগ নাট্য বিদ্যালয়ৰ ১৫ দিনীয়া কৰ্মশালা

দিব্যাংগ নাট্য বিদ্যালয়ৰ ১৫ দিনীয়া কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু দিব্যাংগ নাট্য বিদ্যালয়ৰ সহযোগত ১৫ দিনীয়া দিব্যাংগ সকলৰ বাবে নৃত্য , নাটক , সংগীত আৰু আবৃতিৰ কৰ্মশালা ২৬ ডিচেম্বৰত দিব্যাংগ নাট্য বিদ্যালয়ৰ বাকৰিত শুভাৰম্ভণি হৈ যায় । কৰ্মশালাখন শুভাৰম্ভণি কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা মিনাক্ষী দাস নাথে । লগতে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী, পৰিচালক ভাগিৰথী বাই কাদম, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহকাৰী গৱেষণা বিষয়া অমৰ জ্যোতি কলিতা, বিশেষ কৰ্তব্যৰত বিষয়া গোবিন্দ বৈশ্য, বিশিষ্ট আবৃতিকাৰ উপম শইকীয়া আৰু অসম সৰ্বশিক্ষা মিছনৰ সমল ব্যাক্তি হেমন্ত শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী উমাকান্ত সোনোৱাল । অনুষ্ঠানত দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ অৰিন্দম গগৈয়ে গীত , মাধুৰ্য তালুকদাৰে অভিনয় , ৰিমজিম শইকীয়াই কবিতা , বকুল দাসে নৃত্য পৰিবেশন কৰে । অনুষ্ঠানৰ আঁত ধৰে দিব্যাংগ নাট্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদে । উপস্হিত থাকে কৰ্মশালাৰ নাট প্ৰশিক্ষক কুলদীপ তালুকদাৰ, সংগীতৰ প্ৰশিক্ষক ক্ৰমে মনদ্বীপ মহন্ত ,চৈতালী চিল আৰু প্ৰতিমা দেৱী, নৃত্য প্ৰশিক্ষক তুতুমণি নাথ মেধী ( ৰুমী) লগতে বিদ্যালয়ৰ কৰ্মকৰ্তা আৰু অভিভাৱক সকল ।অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদে জনায় যে এই কৰ্মশালা অহা ১২ জানুৱাৰী ২০২৪ ইং তাৰিখে কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কৰ্মশালাৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নাটক, নৃত্য, সংগীত আৰু আবৃতিৰে কৰ্মশালাৰ সামৰণী পৰিব।