দিবাচোন এপলক সময় – নাজবিন চুলতানা

PC - Shutterstock
দিবাচোন এপলক সময়
নাজবিন চুলতানা, পাটসাঁকো
দিবাচোন এপলক সময় ….
গাঁঠি ৰাখিম স্মৃতি বুলি ওৰে জীৱন ,
দিবাচোন এপলক গুৰুত্বতা
প্ৰাণ পাব সপোন ৰথে ।
দিবাচোন এপলক সময় ….
ক’ৰবাত সুখ বুলি অনুভৱ কৰিম ,
পাবলে নোহোৱা হৈছে মোৰ অভিধানত
ভাললগা বুলি কিবা শব্দ,
পাবলে নোহোৱা হৈছে জীৱনটোত
কেতিয়াবাৰ পুলক হাঁহি ।
দিবাচোন এপলক সময় …
নিসংগৰ ছাঁ টোৱে লগ এৰিব ।
মোৰো বুজা নুবুজাৰ অনুভৱবোৰে
থন ধৰিব খোজে ,
মইয়ো বিচাৰো উপভোগৰ ৰঙত
 আস্থাৰ দুহাত ।
দিবাচোন এপলক সময় ….
আজুৰি নলওঁ তোমাক কিন্তু
ভাগ-বতৰাহে কৰিম সুখ-দুখৰ
দিবাচোন এপলক সময় ….।।