দিন দুপৰতে মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত ডকাইতিৰ ঘটনা

pc iPleaderd Blog

দিন দুপৰতে মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত ডকাইতিৰ ঘটনা

অনলাইন বাৰ্ত্তাসেৱা – গুৱাহাটীৰ ধীৰেনপাৰাৰ ৬জনীয়া দুর্বৃত্তৰ দল এটাই গৌতম পালৰ বাসগৃহত প্ৰৱেশ কৰি পৰিয়ালৰ লোকক পণবন্দী কৰি লুট কৰি নিয়ে নগদ প্রায় ৫ লাখ টকাৰ লগতে সোণ ৰূপৰ আ-অলংকাৰ। এই চাঞ্চল্যকৰ ডকাইতি সংঘটিত কৰি দুর্বৃত্তৰ দলটোৱে লিটন মজুমদাৰ নামৰ এজন লোকক গুলীয়াই থৈ যায়। দিন দুপৰতে মহানগৰীৰ ধীৰেনপাৰাত এই ডকাইতি সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দিনৰ প্ৰায় ৪ বজাত ধীৰেনপাৰাৰ সাদা পথস্থিত গৌতম পালৰ বাসগৃহলৈ ৬জনীয়া ডকাইতৰ দলটো আহে। ঘৰৰ কলিং বেল টিপি ভিতৰত প্ৰৱেশ কৰি ৬জনীয়া ডকাইতৰ দলটোৱে মাৰণাস্ত্ৰৰে ভয়-ভাবুকি দি পৰিয়ালটোক পণবন্দী কৰি লুটপাত চলায়। ডকাইতৰ দলটোৱে প্রথমে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই মাৰণাস্ত্ৰ দেখুৱাই গৌতম পালৰ পত্নী, দুই জীয়ৰী আৰু ৪ বছৰীয়া নাতিনীক পণবন্দী কৰে। চিঞৰ-বাখৰ কৰিলে ৪ বছৰীয়া শিশুটিক হত্যাৰ ভাবুকি দি প্রায় ২০ মিনিট ধৰি ঘৰটোত লুটপাত চলায়। ইয়াৰ পিছতেই ডকাইতৰ দলটোৱে জনসমাগমৰ মাজেৰে নির্বিঘ্নে আঁতৰি যায়। ওচৰ-চুবুৰীয়াই এই কথা জানিব পাৰি ডকাইতৰ দলটোক ধৰিবৰ বাবে পিছে পিছে খেদি যায়। কিন্তু ডকাইতৰ দলটোৱে খেদি যোৱা লিটন মজুমদাৰ নামৰ লোকজনক গুলীয়াই উক্ত স্থানৰ পৰা আঁতৰি যায়। স্থানীয় ৰাইজ়ে ততাতৈয়াকৈ লিটন মজুমদাৰক হায়াট হাস্পতালত ভৰ্তি কৰে। সম্প্ৰতি লিটন মজুমদাৰ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ৬জনীয়া ডকাইতৰ দলটোৱে এ এছ ০১-ডি জে-৯৬০৪ নম্বৰৰ ডাষ্টাৰ বাহনখন লৈ আহিছিল। বাহনখন বর্ষাপাৰা ষ্টেডিয়ামৰ সমীপত পার্কিং কৰি ধীৰেনপাৰাৰ সাৰদা পথত এই ডকাইতি সংঘটিত কৰে। ঘটনাস্থলীত বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং উপস্থিত হৈ ঘটনাৰ বুজ লয়। শীঘ্ৰেই এই ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। দিন দুপৰতে ধীৰেনপাৰাত সংঘটিত হোৱা ডাইতিৰ ঘটনাক লৈ অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।