দিছপুৰ সাহিত্য সভাৰ স্মৃতিচাৰণ সভা

দিছপুৰ সাহিত্য সভাৰ স্মৃতিচাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰ সাহিত্য সভা(স্বৰ্ণ শাখা)ৰ উদ্যোগত সোমবাৰে সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা আৰু গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷সভাত সভাপতিত্ব আৰু বন্তি প্ৰজ্বলন কৰে সভাপতি ডা° তাৰা প্ৰসাদ দাসে৷কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপ সভাপতি মহীধৰ ডেকাই আৰম্ভ কৰা স্মৃতি তৰ্পণ কাৰ্যসূচীত ভাগ লয় ডা° তাৰা প্ৰসাদ দাস,অখিল দাস,ভৱানী প্ৰসাদ অধিকাৰী আৰু নবীন গগৈয়ে৷সম্পাদক অখিল দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সন্মানীয় অতিথি মহীধৰ ডেকা,সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীয়ে অতুল চন্দ্ৰ হাজৰিকা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ জীৱনৰ ওপৰত কৰা ভাষণে সকলোকে মুগ্ধ কৰে৷দিছপুৰৰ মথুৰা নগৰস্হিত শ্ৰীমন্ত শংকৰ কৃষ্টি কেন্দ্ৰত উদ্‌যাপন কৰা এই স্মৃতিচাৰণ সভাত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰে নবীন গগৈয়ে৷শলাগৰ শৰাই আগবঢ়াই সম্পাদক অখিল দাসে৷