দিছপুৰ প্ৰেছ ক্লাবত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

দিছপুৰ প্ৰেছ ক্লাবত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা- হাৰ্ট কেয়াৰ ছ’চাইটিৰ গুৱাহাটী শাখাৰ উদ্যোগত দিছপুৰ প্ৰেছ ক্লাবত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়৷সহকাৰী সচিব মনশ্ৰী প্ৰকাশে আঁত ধৰা সভাত অসমৰ হাৰ্ট কেয়াৰ ছ’চাইটিৰ গুৱাহাটী শাখাৰ সম্পাদক তথা জ্যেষ্ঠ হদশল্য চিকিৎসক ডা° বিকাশ ৰায় দাসে কয়-নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত উচ্চ ৰক্তচাপৰ বোজা অসামঞ্জস্যপূৰ্ণভাৱে বৃদ্ধি হোৱা দেখা পোৱা গৈছে,য’ত বিশ্বৰ দুই তৃতীয়াংশ ৰোগী পোৱা যায়৷তদুপৰি,উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰায় আধা লোকে তেওঁলোকৰ অৱস্হাৰ বিষয়ে অজ্ঞাত,যাৰ ফলত তেওঁলোকৰ চিকিৎসাজনিত জটিলতা আৰু মৃত্যুৰ আশংকা থাকে৷সভাত হাৰ্ট কেয়াৰ ছ’চাইটি অৱ আসামৰ  সভাপতি ডা° এন কে ভট্টাচাৰ্য,প্ৰাক্তন ডিজিপি জি এম শ্ৰীবাস্তৱ,মহানগৰৰ নিউৰোচাৰ্জন ডা° চিমৰণজিৎ সিং,পেনেলিষ্ট ডা° প্ৰণৱ বৰুৱাই উচ্চ ৰক্তচাপৰ সন্দৰ্ভত বিভিন্ন দিশ বিশদভাৱে ব্যাখ্যা কৰে৷সভাত অৰূপ কুমাৰ দাস,বেলা নাউকা,সোণালী গুপ্তা,পৰিতোষ দে,প্ৰাঞ্জল শৰ্মা আদি কেইবাজনো সদস্য উপস্হিত থাকে৷দিৱসৰ লগত সংগতি ৰাখি উচ্চ ৰক্তচাপ আৰু মধুমেহৰ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷