দিছপুৰ প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সংবাদ মেল

দিছপুৰ প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- আহোম সকলৰ পৰিচয় সম্পৰ্কত ভুল তথ্যৰে  নৱম দশম শ্ৰেণীৰ দ্ৰুতপাঠ ‘বৈচিত্ৰময় অসম’ত পূৰ্বাঞ্চল টাই সাহিত্য সভাই ১৩ পৃষ্ঠাৰে প্ৰকাশ কৰা প্ৰৱন্ধ বাতিলৰ দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয়-নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱা ‘বৈচিত্ৰময় অসম’ত চ্যুকাফা নামটো অন্তৰ্ভুক্ত নহ’ল৷ইয়াৰ বাবে সম্পূৰ্ণ দায়ী পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দায়িত্বত থকা ড° দয়ানন্দ বৰগোহাই৷তেওঁৰ অবিবেচকী কৰ্মৰ বাবেই আহোমৰ এগৰাকী মহান ব্যক্তি পাঠ্যপুথিৰ পৰা বাদ পৰি ৰ’ল৷ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক আহোম জনগোষ্ঠীৰ মাজত বিদ্বেষৰভাৱ আনিবৰ বাবেই তেওঁ এই কাম কৰা বুলি ভাব হয়৷কেৱল ইমানেই নহয়,সভাপতি জনে পূৰ্বাঞ্চল টাই সাহিত্য সভাক এক পৈতৃক সম্পত্তি হিচাপে জ্ঞান কৰিছে৷বিগত ১২ বছৰ কাল তেওঁ চতুৰালি কৰি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে৷আনকি এইবাৰো তেওঁ চল চাতুৰিয়ে সভাপতিৰ আসন অলংকৃত কৰিলে৷বিগত ১২ বছৰ কালত চৰকাৰৰ পৰা অহা পুঁজিৰ কোনো হিচাপৰ প্ৰতিবেদন দাখিল নকৰিলে৷সভাপতি জনে এই চৰকাৰী পুঁজিৰ প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত চৰকাৰক কোনো নতুন পুঁজি আগ নবঢ়াবলৈ দাবী জনোলোঁ৷আনহাতে ধেমাজিৰ পুষ্প গগৈৰ নেতৃত্বত আগন্তুক সময়ত পূৰ্বাঞ্চল টাই সাহিত্য সভা আগবাঢ়ি যোৱাৰ পোষকতা কৰিছে টাই মূলীয়া সাহিত্যিক সকলে বুলি সংবাদ মেলত ধৰ্মকান্ত গগৈয়ে সদৰী কৰে৷