দিগন্ত – আয়নাল হক

দিগন্ত

 আয়নাল হক ,ধুবুৰী 

প্ৰসাৰিত দিগন্তমুখী  আশাবোৰে
চুই চাব খোজে আকাশখন,
জুখিব খোজে বিশালতা–!
হৃদয়খনক তুলনা কৰিবলৈ
দিগন্তৰ স’তে পাতে মিতিৰালি।
আকাশৰ ঠিকনা বিচাৰি
পৃথিৱীখন বাৰু কিমান ওখ হ’ব লাগিব ?
অনন্ত  হাবিয়াস–
পৰ্বতৰ শৃংগত উঠি
আকাশখন চুই চোৱাৰ–!
এই অদম্য হেঁপাহবোৰৰ বাবেই
জীৱন গতিশীল।
ভৰুণ সময়বোৰ বুকুত সাৱটি
কৰি যোৱা অবিৰত যাত্ৰাই
কেতিয়াবা উপনীত কৰাবনে
লক্ষ্যৰ পৰিধিত ?
ৰ’দে পুৰি ছাই কৰি দিয়াৰ পিছতো
ভৈয়ামবোৰ সাগৰ হোৱাৰ পিছতো
থ’মকি নৰয় অপ্ৰতিৰোধ্য আশা।
হয়তো সেইবাবেই এই জীৱন মোহনীয়া–,
কৰ্ষিত মনৰ পথাৰখন
সেউজীয়া হয়
অনন্য সুবাসেৰে
প্ৰতিদিনে…।