দন্ত চিকিৎসা সেৱা সংস্হাৰ সভা

দন্ত চিকিৎসা সেৱা সংস্হাৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম দন্ত চিকিৎসা সেৱা সংস্থাৰৰ উদ্যোগত আজি মহানগৰীৰ পানবজাৰস্থিত আমচা ভৱনত এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ সভাত সভাপতিত্ব  কৰে ডাঃ দিলীপ কুমাৰ শইকীয়াই । উক্ত সভাত পুৰণি কমিটী ভংগ কৰি নতুন কমিটীক কাৰ্যভাৰ অৰ্পণ কৰা হয় । ডাঃ দিলীপ কুমাৰ শইকীয়া, ডাঃ শান্তনু কুমাৰ ভট্টাচাৰ্য, আৰু ডাঃ খবিৰুদ্দিন আহমেদক উপদেষ্টা হিচাপে লৈ উক্ত সভাতে  সদৌ অসম চিকিৎসক সন্থাৰ নৱনিৰ্বাচিত সভাপতি ৰূপে টংলা গ্ৰাম্য চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসক ডাঃ মৃন্ময় কুমাৰ নাথক সভাপতি , সাধাৰণ সম্পাদক ৰূপে ডা° দীপ কুমাৰ বৈশ্য ( মাজুলী) উপ-সভাপতি ৰূপে ডা°  ৰীতা শৰ্মা ( হোজাই) আৰু ডা° বিষ্ণু প্ৰসাদ চৌধুৰী ( পাঠশালা), যুটীয়া সম্পাদক হিচাবে ডা° অৰ্পূব দাস ( শুৱালকুছি) আৰু ডা° জেহিদুল ইচলাম, (নগাঁও), কোষাধ্যক্ষ হিচাবে ডা° দেবশ্ৰী চৌধুৰীক ( বঙাইগাওঁ) নিৰ্বাচিত  কৰা হয়৷উক্ত  সভাতে বিদায়ী সভাপতি জ্যেষ্ঠ চিকিৎসক ডা° দিলীপ কুমাৰ শইকীয়াক তেওঁৰ নিঃস্বাৰ্থ আৰু দক্ষতাৰে আগবঢ়োৱা সেৱাৰ বাবে সংস্থাৰ ফালৰ পৰা এখন ফুলাম গামোচা  ,এখন শৰাইৰ লগতে এখনি প্ৰশস্তি  পত্র অৰ্পণ কৰা হয়  আৰু পত্ৰখন উপস্থিত চিকিৎসক সকলক পাঠ কৰি শুনাই প্ৰাক্তন উপ-সভাপতি ডাঃ শান্তনু কুমাৰ ভট্টাচাৰ্যই ।  বিদায়ী সাধাৰণ সম্পাদক ডা° খবিৰুদ্দিন আহমেদে আঁ‌ত ধৰা সভাখন সূচাৰু ৰূপে পৰিচালনা হোৱাত সকলোৱেই সন্তুষ্টি প্ৰকাশ কৰে ।