দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ

ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত বৰ্ষৰ দৰে এইবাৰো মহানগৰীৰ দাঁতালপাৰাস্থিত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ে এশ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷এইবাৰ বিদ্যালয়খনৰ পৰা ৪৮ জন পৰীক্ষাৰ্থীৰ ৪৮ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷তাৰ ভিতৰত ডিষ্টিংচন ১৩ জন,ষ্টাৰ ২৬ জনে পাবলৈ সক্ষম হৈছে৷আনহাতে,অসমীয়াত ১৬ জন,ইংৰাজীত ৩৭ জন,সাধাৰণ গণিতত ২২ জন,সাধাৰণ বিজ্ঞানত ৩৮ জন,সমাজ বিজ্ঞানত ৪৩ জন,কম্পিউটাৰ বিজ্ঞানত ১৬ জন,ফাইন আৰ্টত ১ জন,সংগীতত ২ জন,উচ্চ গণিতত ৪ জন,হিন্দীত ১জনে লেটাৰ নম্বৰ পাই বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাত অঞ্চলটোত আনন্দময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ তদুপৰি,উচ্চ গণিতত ৪ জনে ১০০ নম্বৰ পাবলৈ সক্ষম হৈছে৷