থলুৱাৰ এশ শতাংশ ভােটদান নিশ্চিত কৰিব লাগিব বিজেপিৰ কাৰ্যকৰ্তাই গৰুখুটিৰ পৰাই খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ নিৰ্ণয়ক যুঁজ আৰম্ভ হৈছেঃ মুখ্যমন্ত্রী

pc Times of India

থলুৱাৰ এশ শতাংশ ভােটদান নিশ্চিত কৰিব লাগিব বিজেপিৰ কাৰ্যকৰ্তাই গৰুখুটিৰ পৰাই খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ নিৰ্ণয়ক যুঁজ আৰম্ভ হৈছেঃ মুখ্যমন্ত্রী

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ ভূমি সুৰক্ষিত কৰাৰ নিৰ্ণায়ক যুঁজ দৰং জিলাৰ ছিপাঝাৰ সমষ্টি গৰুখুটি,ধলপুৰ – শিৱ মন্দিৰ অঞ্চলৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত বেদখলকাৰীৰ কবলত থকা সমগ্র ভূমি উদ্ধাৰ নকৰা পর্যন্ত এই যুঁজ চলি থাকিব। গৰুখুটিয়ে আমাক উৎসাহিত কৰাৰ লগতে নতুন পথৰ সন্ধান দিছে – এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলাৰ জিলা কার্যনির্বাহকৰ আজি পুৱা ১০ বজাৰ পৰা একেলগে বৈঠক আৰম্ভ হৈছিল। বিয়লি ২ বজাত ভাচুৱেলী এই বৈঠক সম্বােধন কৰি মুখ্যমন্ত্রী ড° শমাই এনেদৰে মত পােষণ কৰে। উল্লেখযােগ্য যে আজি অনুষ্ঠিত হােৱা জিলা কার্যনিবাহকৰ সভাত জিলা সভাপতি, জিলা প্রভাৰী আৰু সহ প্রভাৰী, জিলা বিষয়ববীয়া, জিলা কার্যনির্বাহকৰ সকলাে সদস্য, আমন্ত্রিত সদস্য,মণ্ডল সভাপতি,মর্চাসমূহৰ সভাপতি,সংশ্লিষ্ট জিলা খনত থকা সাংসদ বিধায়ক, জিলা পৰিষদৰ সদস্য,স্বায়ত্ব পৰিষদৰ মুখ্য কার্যনির্বাহ সদস্য,উপ-মুখ্য কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সদস্য,সংশ্লিষ্ট জিলাৰ অন্তৰ্গত ৰাজ্যিক বিষয়ববীয়া,কার্যনির্বাহক সদস্য,আমন্ত্রিত সদস্য,ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য,ৰাজ্যিক পৰিষদৰ সদস্য, সংশ্লিষ্ট জিলাৰ অন্তর্গত মৰ্চাসমূহৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক বিষয়ববীয়া আৰু কোষৰ আহ্বায়ক, সহ-আহ্বায়ক সকল, জিলা পৰিষদৰ
সদস্য,আঞ্চলিক পঞ্চায়তৰ সভাপতি-সভানেত্রী সকল উপস্থিত আছিল। আঠ হাজাৰতকৈ অধিক কার্যকর্তা উপস্থিত থকা জিলা কার্যনির্বাহকৰ বৈঠকক সম্বােধন কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দল আৰু চৰকাৰে সকলাে সময়তে এক হৈ কাম কৰি যাব। দলীয় কার্যকর্তা সকলৰ নেতৃত্বতে চৰকাৰে বিভিন্ন কল্যাণকামী আঁচনিসমূহ অনাগত সময়ত জনসাধাৰণৰ ঘৰে ঘৰে লৈ যােৱাৰ প্রয়াস কৰিব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে। চৰকাৰে প্রশাসন ব্যৱস্থাক পর্যায়ক্রমে ডিজিটেল কৰি তুলি জনসাধাৰণে ঘৰৰ পৰাই বিভিন্ন চৰকাৰী কাম নিয়াৰিকৈ কৰিব পৰা এক প্রশাসনিক পৰিৱেশ গঢ়ি তােলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কথাও মুখ্যমন্ত্ৰীয়ে দলীয় কার্যকর্তাক জানিবলৈ দিয়ে। ভূমি সংস্কাৰ আৰু পৰিবহন বিভাগত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কথা বর্ণনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কম সময়ৰ ভিতৰতে অসম চৰকাৰৰ প্রশাসনিক ব্যৱস্থা ডিজিটেল কৰি তােলা হ’ব। ৰাজ্যখনৰ উন্নয়ন প্রক্রিয়াক ত্বৰান্বিত কৰাৰ বাবে চৰকাৰে বিভিন্ন উগ্রপন্থী সংগঠনক আলােচনাৰ মেজত বহুৱাই শান্তি প্রতিষ্ঠাৰ বাবে লােৱা বলিষ্ঠ পদক্ষেপ কথাও মুখ্যমন্ত্ৰীয়ে দলীয় কার্যকর্তাক অৱগত কৰি কয়–“ভােটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পালেও ভােটদানৰ প্রতি খিলঞ্জীয়া লােকৰ এতিয়াও যথেষ্ট অনীহা আছে। কিন্তু ৰাজ্যৰ এটা বিশেষ ধৰ্মাৱলম্বী লােকৰ প্ৰায় এশ শতাংশ ভােটদান হয়। এই কথাটোৰ প্রতি লক্ষ্য ৰাখি আমাৰ দলৰ কার্যকর্তাই খিলঞ্জীয়া লােকৰ এশ শতাংশ ভােটদান নিশ্চিত কৰাৰ বাবে প্ৰয়াস কৰিব লাগে। এশ শতাংশ খিলঞ্জীয়াই ভােটদান কৰিলে ভাৰতীয় জনতা পার্টিক কোনেও পৰাজয় কৰিব নােৱাৰে। সেয়ে দলীয় কার্যকতাই এতিয়াৰে পৰা খিলঞ্জীয়াৰ এশ শতাংশ ভােটদান নিশ্চিত কৰাৰ অভিযান আৰম্ভ কৰি দিব লাগে।” ভাৰতীয় জনতা পার্টিৰ অসম প্রদেশৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰীৰ ভাচুৱেল ভাষণৰ কথা উল্লেখ কৰি এনেদৰে বৰ্ণনা কৰা হৈছে। উল্লেখযােগ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা জিলা কার্যনির্বাহকৰ সভা ভাচুৱেলী সম্বােধন কৰাৰ বিপৰীতে দলৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ পৰা আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শৰ্মাই শিলচৰৰ পৰা কাৰ্যকর্তা সকলক ভাচুৱেলী সম্বােধন কৰে। জিলা কার্যনির্বাহকৰ বৈঠক সম্বােধন কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে দলৰ সকলাে কার্যকর্তাই সেৱা মনােভাৱেৰে নিৰবিচ্ছিন্নভাৱে কামকাজ কৰি থকাৰ বাবেই ভাৰতীয় জনতা পার্টি প্রতিদিনেই সাংগঠনিকভাৱে সবলতাৰে আগবাঢ়ি আছে । দল আৰু চৰকাৰে একেলগে মিলি ৰাজ্যৰ আর্থ সামাজিক পৰিৱেশ সলনি কৰাৰ বাবে ব্যাপক কার্যক্রম ৰূপায়ণ কৰি থকাৰ কথাও সভাপতিয়ে তেওঁৰ ভাচুৱেল ভাষণত উল্লেখ কৰে। সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শৰ্মাই তেওঁৰ ভাচুৱেল ভাষণত কার্যকা সকলক দলৰ বিভিন্ন সাংগঠনিক নীতি নিয়ম আৰু দিহা পৰামৰ্শৰ বিষয়ে অৱগত কৰে।