তোমাৰ বাবেই
তোমাৰ বাবেই কেতিয়াবা
এমুঠি জোনাক হৈছোঁ
তোমাৰ কথা ভাবিয়েই
ৰিমঝিম বৰষুণত ভিজিছোঁ
তোমাৰ বাবেই নীৰৱে
নীলা আখৰৰ চিঠি লিখিছোঁ
তোমাৰ কথাবোৰেৰেই
কেতিয়াবা ব্যস্ত ৰাজপথ হৈছোঁ
ভাল পাওঁ বুলি কবা এদিন
অধিৰ অপেক্ষাৰে ৰৈছোঁ
তুমি আকৌ সুধিছা
মই কাৰ কথা কৈছোঁ….
মৃগাংক বৰুৱা