তৃতীয় টি-২০ত ভাৰতে নিউজিলেণ্ডক ৭৩ ৰাণত পৰাস্ত

pc Zoom News

তৃতীয় টি-২০ত ভাৰতে নিউজিলেণ্ডক ৭৩ ৰাণত পৰাস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  কলকাতাত তৃতীয় টি-২০ত ভাৰতে নিউজিলেণ্ডক ৭৩ ৰাণত পৰাস্ত কৰি ৩-০ ৰে শৃংখলাটো জয় সাব্যস্ত কৰে। ঘৰৰ মাটিত খেলা টি-২০ শৃংখলাত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে নিউজিলেণ্ডক হোৱাইট ৱাশ্ব কৰিবলৈ সক্ষম হৈছে। ভাৰতে তিনি বছৰৰ পিছত তেওঁলোকৰ ঘৰুৱা মাটিত টি-২০ শৃংখলাৰ হোৱাইটৱাশ্ব কৰে। ভাৰতে ২০১৮ চনৰ নৱেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা খেলত তেওঁলোকৰ পূৰ্বৰ টি-২০ শৃংখলাৰ হোৱাইটৱাশ্ব কৰিছিল।তৃতীয় খন টি-২০ত ভাৰতে প্ৰথম বেটিং কৰি ১৮৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰিত কৰি দিয়ে। নিউজিলেণ্ডে ১৮৫ৰাণৰ লক্ষ্যৰ পিছ লৈ ১১১ ৰাণতে তেওঁলোকে ইনিংছ সামৰে। ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলা ২৫ নৱেম্বৰত আৰম্ভ হ’ব।