তুলিৰাম ৰংহাং পুনৰ মুখ্য কাৰ্যবাহী নিৰ্বাচিত

PC ETV Bharat

ৰঙিলী বাৰ্ত্তাসেৱা-  কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয় তুলিৰাম ৰংহাং৷ ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা অধিৱেশনত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰংহাং নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’ৱে৷উল্লেখযোগ্য যে পৰিষদৰ ৭১সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনাই মুখ্য কাৰ্যবাহী সদস্যৰূপে নিৰ্বাচিত হয় ৰংহাং৷ ২০১৬ চনৰ ২৩ জুনত কংগ্ৰেছ দল ত্যাগ কৰি ১৮জন সদস্যসহ বিজেপিত যোগদান কৰিছিল তুলিৰাম ৰংহাঙে৷ ২০১৭ চনৰ পৰিষদীয় নিৰ্বাচনৰ পাছত পুনৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হৈছিল ৰংহাং৷ তৃতীয়বাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব গ্ৰহণ কৰি ৰংহাঙে কয় যে দুয়োখন পাৰ্বত্য জিলাৰ জনতাই চ্ছখন আসনতেই আমাৰ দলৰ প্ৰাৰ্থীক বিজয়ী কৰি আনিছে৷ সেয়ে আমাৰ দায়িত্ব আগতকৈ বাঢ়িল৷ উন্নয়নৰ লক্ষ্যৰে আমি এতিয়া অধিক ক্ষিপ্ৰতাৰে কাম কৰিব লাগিব৷ পূৰ্বে যদি ১২ ঘণ্টা কাম কৰিছিলোঁ, এতিয়া ১৮ ঘণ্টা কাম কৰিব লাগিব৷ বিৰোধীবিহীন বুলি যদি আমি অহংকাৰ কৰোঁ তেনেহ’লে আমাৰ পতন নিশ্চিত৷ জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে আস্থা আৰু বিশ্বাসত লৈ পৰিষদ চলাব বুলিও ৰংহাঙে দাবী কৰে৷ লগতে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত থকাসকলৰ উন্নয়নৰ বাবে ৰাজনীতি কৰা বুলি উল্লেখ কৰি সমাজৰ দুখীয়া শ্ৰেণীটো আগুৱাই অনাৰ লক্ষ্যৰে কাম কৰিম বুলিও অংগীকাৰ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ দৰিদ্ৰ শ্ৰেণী তথা সমাজৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ ৰূপায়ণ কৰাই মূল লক্ষ্য বুলিও তেওঁ দাবী কৰে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৰ্মসংস্কৃতি গঢ়ি তুলি উন্নয়ন ত্বৰান্বিত কৰিব বুলিও তেওঁ দাবী কৰে৷ সদ্য স্বাক্ষৰিত শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰাৰ বাবে অহা জুলাই মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে চেষ্টা চলাব বুলিও ৰংহাঙে কয়৷