তুলসীৰ বন্দনা – ৰাজলক্ষ্মী বৰঠাকুৰ

pc Oneindia Bengali

তুলসীৰ বন্দনা

ৰাজলক্ষ্মী বৰঠাকুৰ,
দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট

গোবিন্দৰ প্রিয়া তুলসী দেৱী
যাৰ ছায়াত সত তীথ গমনৰ
ফল লাভ হয় ,
বিশ্বৰ বন্দিতা পবিত্র ৰূপনী তুমি
দুখ, শোক,পাপ মোচন কৰি
সবাৰো পূজিতা তুমি ,
তুলসী তোমাৰ নাম নাই যে তুলনা
পুণ্য কাতি মাহৰ তুলসী তলতে
লগালো বন্তি গচি,
ধূপ, ধূনা, নৈবেদ্যৰে
তুলসীক কৰো আৰতী ।