তুমি ফাগুন ফাগুন হৈয়ে থাকা..
তুমি ফাগুন ফাগুন হৈয়ে থাকা..
তোমাৰ বুকুৰ উমাল পৰশে আমাক কৰে উন্মনা।
তুমিচোন আহিলে আমাৰ প্ৰতিটো
উশাহে উশাহে উৰি ফুঁৰে এটি ভাবনা।
সদায় আহিবাচোন আমাৰ কাষলে’।
ফাগুন তোমাৰ বোকোচাত
ধৰিয়েইচোনআহে পছোৱাৰ আবেগ
সেই আবেগতে আমাৰ চঞ্চলা মনবোৰো বান্ধোনহীন হৈ পৰে।
ছেঃ !কি যে কথাবোৰ ভাবি থাকো আৰু..
তুমিতো জানাই নহয় সোঁৱণশিৰি পাৰৰ কনেঙবোৰক।
তোমাৰ কথাকে কৈ থাকে বাৰে বাৰে ।
কেতিয়া যে আহিব হেঁপাহৰ ফাগুন।
তোমাৰ আগমনত সিহঁতে পাই বৰ ৰং।
লৃগাঙ আহিব.. মছাং এগে’ গাছৰ
পিন্ধিব..ৰিঃবি গাছেং ভালপোৱাজনক যাঁচিব..পঃৰ
আপঙৰ ৰাগিত তালে তালে নাচিব
গুমৰাগ্ আৰু গাব ঐনিঃতম্ ।
হেজাৰ সৃষ্টিৰ গৰাকী তুমি ফাগুন..
তোমাৰ আগমনতে কবি- শিল্পীৰ
সৃষ্টিৰ ভূমি হৈ পৰে উৰ্বৰ….
কিমানজনে ৰচিছে কবিতা,
কিমানজনে গালে গান….
ফাগুন তুমিচোন নিজেই এটি উৎকৃষ্ট শিল্প।
অ’ ক’বলৈ পাহৰিছোহেই।
সেই যে হেজাৰজন জংকি-পানেইৰ
তুমি আহিলে বাঢ়ি আহে হৃদস্পন্দন।
তেওঁলোকৰ দুওঁঠেদি নিগৰি আহে
অনেক ভালপোৱাৰ স্তৱক।
তুমি আশা জগাই দিয়া সকলোকে।
হেনো এদিন ফাগুন আহিব।
শিমলু সাগৰে ভৰি পৰিব ধৰণী।
তাতে আমি বিচাৰি পাম জীৱন বসন্তৰ কথকতা।
ফাগুন তুমি গান হোৱা আমাৰ জীৱনৰ..
তুমি এটি কবিতা হোৱা আমাৰ হৃদয়ৰ…
তুমি এটি আশা হোৱা আমাৰ মনৰ..
তুমি পূৰণ কৰা প্ৰতিশ্ৰুতি হেজাৰজনৰ…
নন্দেশ্বৰ মিলি