তুমি চিৰ যৌৱনা – এছ ইছলাম

তুমি চিৰ যৌৱনা
এছ ইছলাম, বৰপেটা
তুমি চিৰ যৌৱনা
ঢালি দিয়া কবি কাননত
প্ৰেমৰ মদিৰা
ডেকা-গাভৰুৰ উতলা হিয়া।
তোমাৰ আগমনত
বৰদৈচিলা হয় বলিয়া
আচল উৰুৱাই মাকৰ ঘৰলৈ দৌৰে
উৰুৱাই নিয়ে দুখীয়াৰ পঁজাঘৰ।
গছে গছে মেলে ন ন কুঁহিপাত
গছৰ ডালত পাতৰ আঁৰত
কুলি-কেতেকীয়ে শুৱলা গীত গায়।
শিমলু পলাশ কৃষ্ণচূড়াৰ ৰঙে
চিত্তাকর্ষণ কৰে
বতাহত উৰে কঁহুৱা ফুলবোৰ
নদীৰ দুয়ো পাৰে।
প্ৰকৃতিৰ বুকুত আবিৰ ছটিয়াই
ফাগুনীবাই
উদুলি-মুদুলি কৰে গছ-বন
টুনি-বুলবুলিৰ অকাল মৰণ।
নাহে টোপনি গভীৰ নিশা
নিঠৰুৱা কবিৰ আলফুলীয়া হিয়া
শব্দৰ ছন্দ বিচাৰি ফুৰে
দিৱস-ৰজনী।