তুমি আছা বাবেই মোৰ ধৰণীত বৃষ্টিপাত নামে-নন্দেশ্বৰ মিলি

PC -Heart Water

তুমি আছা বাবেই মোৰ ধৰণীত বৃষ্টিপাত নামে…

তুমি আছা বাবেই মোৰ ধৰণীত বৃষ্টিপাত নামে
টুপ টুপ কণিকাৰ শব্দত কেঁচা সপোন ভাঙে
এজাক শীতলতা বগাই আহে
কঁপি উঠে মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে..

অজান আবেগত ধপধপনি বাঢ়ে
বুকু ভেদি এটি উশাহ উজাই আহে
প্ৰাচীৰ ভাঙি ৰু’ব খোজে
এটি হেঁপাহৰ সেউজী আশা…

তুমি আছা বাবেই মোৰ হৃদয়ত
সুৰীয়া বাজনাৰ ঐক্যতান বাজে
সংগোপনে….

নন্দেশ্বৰ মিলি