তুমিয়েই মোৰ বাবে এটি কবিতা – মৃগাংক বৰুৱা

PC - Medium

তুমিয়েই মোৰ বাবে এটি কবিতা

ওৰেটো জীৱনলৈ আপোন ঘৰ এৰি
মোক আপোন কৰি গুছি অহা প্ৰিয় মানুহজনীক
জন্মদিনত কবিতা এটি লিখি দিম
আৰু সেই কবিতাকে
মন্দিৰ-মছজিদ-গীৰ্জা বুলি ভাবি
ঈশ্বৰক কম মোৰ প্ৰিয়তমাক
সদায়ে আৰু সদায়ে
ভালে ৰাখিবা, দিবা শতায়ু
আমাৰ দুয়োৰে আয়ুস ভগাই লৈ হ’লেও
কৰিবা দীৰ্ঘায়ু…

এই বিশেষ দিনটোত
এটি বিশেষ কবিতা আৰু লিখা নহ”ল
ই বয়সৰ দোষ, নে সময়ৰ
নে ন’কইনা হৈ অহাৰ দিনটোক
পাহৰণিৰ গৰ্ভলৈ ঠেলি দিয়াৰ দোষ??

আজি মৌন ওঁঠত শব্দৰ কোলাহল
আপোনত্বৰ ভৰত
নিঃশব্দ হোৱা শব্দই
এক সাঁকো গঢ়িছে
জীৱন জীয়াৰ মাদকতাৰে

পিছে সেই শব্দৰ কোলাহল
একেবাৰে নিতাল নিচুপ
নলয় কবিতাৰ ৰূপ
কিয়?

তুমিয়েই মোৰ বাবে
এটি কবিতা ঐ
আকৌনো সুন্দৰ কবিতা এটি
লিখোঁ কেনেকৈ..???

মৃগাংক বৰুৱা, গোলাঘাট