তামিলনাডুৰ পৰা ‘জয়মালা’ক ওভোতাই অনাৰ দাবী

Pc The Janambhumi

তামিলনাডুৰ পৰা ‘জয়মালা’ক ওভোতাই অনাৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০০৮ চনত মাথোন ৬ মাহৰ বাবে ‘জয়মালা’ নামৰ হাতীটোক অসমৰ পৰা তামিলনাডুলৈ লিজত নিয়া হৈছিল৷কিন্তু ‘জয়মালা’ যোৱা প্ৰায় ১৪ বছৰে নৰক-যন্ত্ৰণা ভুগি আছে তামিলনাডুত । ইখনৰ পাছত সিখন চৰকাৰ সলনি হৈ আছে । অবৈধভাৱে বন্দী কৰি ৰখা ‘জয়মালা’ক তামিলনাডুৰ এটা মন্দিৰৰ চৌহদত চাৰিওখন ভৰি শিকলিৰে বান্ধি কেইবাজনো মাউতে অতি নৃশংসভাৱে মাৰপিট কৰি থকাৰ দৃশ্য ‘পেটা’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে পোহৰলৈ আনিছে৷-এই মন্তব্য অসমৰ অন্যতম সমন্বয়-সংহতি-ঐক্যৰ অনুষ্ঠান ‘বহুভাষিক সাহিত্য মঞ্চ,অসম’ চমুকৈ ‘বহুবাক’ৰ প্ৰধান সম্পাদক দীপক শৰ্মাৰ৷ এক প্ৰেছ বিবৃতি যোগে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, বনমন্ত্ৰী, বন বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক অনুৰোধ  জনাই কয় – অচিৰেই ‘জয়মালা’ক অসমলৈ ওভোতাই আনিব লাগে । যিকেইজন মাউতে হাতীটোক নৃশংসভাৱে অত্যাচাৰ কৰি আছে, তেওঁলোকক শাস্তি বিহিব লাগে।‘জয়মালা’ক অতি শীঘ্ৰে অসমলৈ আনিব লাগে বুলি বিভিন্ন দল সংগঠনে দাবী জনাইছে৷