তথ্য, জনসংযােগ, মুদ্রণ আৰু লেখন সামগ্রী বিভাগৰ সচিব নীৰা গগৈ সােণােৱালৰ বিদায়ী সম্বর্ধনা সভা 

তথ্য, জনসংযােগ, মুদ্রণ আৰু লেখন সামগ্রী বিভাগৰ সচিব নীৰা গগৈ সােণােৱালৰ বিদায়ী সম্বর্ধনা সভা 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ তথ্য, জনসংযােগ, মুদ্রণ আৰু লেখন সামগ্রী বিভাগৰ সচিব নীৰা গগৈ সােণােৱালে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে জনতা ভৱনৰ চি এম ব্লকত এখনি বিদায়ী সভা অনুষ্ঠিত হয়। বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত কেইবাগৰাকী জ্যেষ্ঠ বিষয়াইনীৰা গগৈ সােণােৱালৰ সৈতে একেলগে কাম কৰাৰ অভিজ্ঞতাৰ কথা ভাষণ প্রসংগত উল্লেখ কৰে।। এই সভাত ভাষণ প্রদান কৰি বিদায়ী বিষয়াগৰাকীয়ে চাকৰি জীৱনৰ আৰম্ভণিৰ পৰা বর্তমানলৈকে সুদীর্ঘ কালচোৱাৰ বিভিন্ন অভিজ্ঞতা আৰু পৰিৱৰ্তনৰ লগতে আধুনিক প্রযুক্তিয়ে অনা উন্নয়নৰ যােগাত্মক দিশসমূহৰ বিষয়ে উল্লেখ কৰে। সভাত ভাষণ প্রদান কৰি বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাইবিভাগটোতনীৰা গগৈ সােণােৱালৰ সৈতে একেলগে কাম কৰাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেখেতৰ অৱসৰী জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। সভাত পূর্বালী ভট্টাচার্যই এটি গীত পৰিবেশন কৰে আৰু সমিন ৰংপিয়ে বাঁহীত শাস্ত্রীয় সুৰ পৰিবেশন কৰে। সভাতনীৰা গগৈ সােণােৱালক শৰাই, চাদৰ আৰু ফুলৰ থােপা আদিৰে সম্বর্ধনা জনােৱা হয়।  সভাত গৃহ বিভাগৰ সচিব দেৱ প্রসাদ মিশ্র, তথ্য আৰু জনসংযােগ, অসমৰ সঞ্চালক বিষ্ণু কমল বৰা, মুদ্রণ আৰু লেখন সামগ্রী বিভাগৰ সঞ্চালক মুকুট ফুকন আৰু বিভাগটোৰ যুটীয়া সচিব নয়ন পাঠকে ভাষণ প্রদান কৰে। সভাত তথ্য, জনসংযােগ, মুদ্রণ আৰু লেখন সামগ্রী বিভাগৰ অতিৰিক্ত সচিব অৰুন্ধতী চক্ৰৱৰ্তীৰ লগতে বিভাগৰ বহুকেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।