তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক কবীন বৰাৰ পৰলােকপ্রাপ্তি 

p.c. Twitter

তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক কবীন বৰাৰ পৰলােকপ্রাপ্তি 

দিছপুৰ,জানুৱাৰীঃ তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবীন বৰাই নিশা ১১.০০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেলত শ্বাস-প্রশ্বাসজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮২ বছৰ। উল্লেখযােগ্য যে মহকুমা তথ্য আৰু জনসংযােগ বিষয়া হিচাপে হাইলাকান্দিত চাকৰিত অংশগ্রহণ কৰি দীর্ঘদিন ধৰি কৰ্মৰত জনসংযােগ বিভাগত পৰৱৰ্তী সময়ত ০১-০৯১৯৯৫ পৰা ১৫-১২-১৯৯৮ চনলৈ ভাৰপ্রাপ্ত সঞ্চালক হিচাপে আছিল । যােগ্যতাৰ ভিত্তিত শ্রীবৰা ১৬-০৩১৯৯৮ পৰা ৩১-০৮-১৯৯৮ চনলৈ সঞ্চালক পদত কৰ্মৰত আছিল। অতি নিষ্ঠাবান আৰু সহজ-সৰল স্বভাৱৰ সঞ্চালকগৰাকীয়ে ব্যক্তিগত কাৰণত সঞ্চালকালয়ৰ পৰা ইচ্ছামূলক অৱসৰ লয়। নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ নিবাসী শ্রীবৰাই মৃত্যুৰ সময়ত তেখেতৰ একমাত্র পুত্র-বােৱাৰী, জী-জোঁৱাই আৰু নাতি-নাতিনী এৰি থৈ গৈছে। শ্রীবৰাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি তথ্য আৰু জনসংযােগ সঞ্চালকালয়ত আজি এক মৌন সভাৰ আয়ােজন কৰে। সঞ্চালক বিষ্ণু কমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সমূহ বিষয়া কর্মচাৰী উপস্থিত হৈ প্রাক্তন সঞ্চালক গৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰে আৰু শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন