ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে

pc facebook

ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাবছৰ ১০ মে’ত শপত গ্রহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহা ১০ মে’ত এটা বছৰ সম্পূৰ্ণ কৰিব। যোৱা এটা বছৰ সফলতাৰে অতিক্ৰম কৰা ড° শৰ্মা চৰকাৰৰ প্ৰথম বর্ষপূর্তি উপলক্ষে ৰাজ্যিক বিজেপিয়ে ১০ মে’ৰ দিনা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিছে বিশেষ ৰাজহুৱা সভা। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ কেন্দ্ৰীয় বর্ষপূর্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলীয় নেতৃবৃন্দ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত এখন বৈঠকত মিলিত হয়।বৈঠকখনত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ অসম ভ্ৰমণৰ সকলো দিশৰ ওপৰত পুংখানুপুংখ আলোচনা কৰাৰ লগতে বৰ্ষপূৰ্তিৰ কাৰ্যসূচী সম্পৰ্কতো আলোচনা কৰে। বৈঠকখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পীযূষ হাজৰিকা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাও উপস্থিত থাকে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ বিষয়ে সদৰী কৰি কয় যে অহা ৯ আৰু ১০ মে’ত দুদিনীয়া, ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। ৯ মে’ৰ পুৱাৰ ভাগত তেওঁ বিএছএফৰ কেইটামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সেইদিনাই গধূলি সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনৰ শুভ উদ্বোধন কৰিব। অহা ১০ মে’ৰ পুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ ৰাষ্ট্ৰপতিয়ে অসম আৰক্ষীক আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ কলাৰ সন্মান ৰাষ্ট্ৰপতিৰ হৈ তেওঁ প্ৰদান কৰিব। ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে দিনৰ ১.৩০ বজাত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে খানাপাৰাত আয়োজিত ৰাজহুৱা সভা এখন সম্বোধন কৰিব। সেইদিনাই বিয়লিৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভ, আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, কামৰূপ মেট্ৰ’ৰ উপায়ুক্তৰ কাৰ্যালয়, গুৱাহাটীত একেলগে তিনি হাজাৰৰো অধিক লোক বহি অনুষ্ঠান উপভোগ কৰিব পৰা প্রেক্ষাগৃহ এটাৰ আধাৰশিলা স্থাপনেকে ধৰি কেইবাটাও আন্তঃগাঁথনি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব।