ড° বীৰেন্দ্ৰ নাথ দত্ত সভাগৃহত মানৱাধিকাৰ বিষয়ক আলোচনাচক্ৰ

ড° বীৰেন্দ্ৰ নাথ দত্ত সভাগৃহত মানৱাধিকাৰ বিষয়ক আলোচনাচক্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ড° বীৰেন্দ্ৰ নাথ দত্ত সভাগৃহত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ মহাসংঘৰ উদ্যোগত মংগলবাৰে এখনি মানৱ অধিকাৰৰ ৰক্ষা সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় । সাম্প্ৰতিক সময়ত অসমত মানৱ অধিকাৰ শীৰ্ষ বিষয়ক লৈ অনুষ্ঠিত হোৱা এই আলোচনাচক্ৰত অসম চেপ্টাৰৰ ৰাষ্ট্ৰীয় সঞ্চালক ড° বৰ্ণালী শৰ্মা বৰুৱাই আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে মানৱ অধিকাৰৰ উলংঘন লৈ সাম্প্ৰতিক সময়ত চৰ্চাৰ প‌্ৰয়োজন যথেষ্ট আহি পৰিছে যাতে সকলোৱে সজাগ আৰু সচেতনতা হব পাৰে । আনহাতে উক্ত আলোচনাচক্ৰখনি উদ‌্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে । উদ‌্বোধনী ভাষণত শিক্ষাবিদ গৰাকীয়ে মানৱ অধিকাৰ সম্পৰ্কত বহু আইন আছে জেনেভা চুক্তিটো মানৱ অধিকাৰৰ সুৰক্ষা বিষয়ে সামৰিছে কিন্তু সফল নহ’ল বুলি ভাষণ প্ৰদান কৰে । তদুপৰি মানুহৰ মৌলিক অধিকাৰতে নহয় মানৱ অধিকাৰ ৰক্ষাৰো অনুভূতি আছে । এই মানৱ অধিকাৰ ৰক্ষা নহলে সমাজ তিষ্টি থকা সম্ভৱ নহয় । ইফালে গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰৰ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা আইনজ্ঞ ড° ভূৱন বৰুৱাই মানৱ অধিকাৰ সুৰক্ষাৰ বিষয়ৰ সামগ্ৰিকভাৱে বিস্তৃত আলোচনা আগবঢ়ায় । তাৰোপৰি এই মানৱ অধিকাৰৰ উলংঘা কৰাক লৈ সমাজত ৪হাজাৰো অধিক কেচ পঞ্জীয়ন হৈ থকাৰ কথা আলোচনা চক্ৰৰ বিষয়ত জানিবলৈ দিয়ে । আন এগৰাকী অতিথি ড° উৎপল শৰ্মাই অংশগ্ৰহণ কৰা এই আলোচনাচক্ৰ অনুষ্ঠানত বিশিষ্ট সমাজ সেৱিকা তথা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংঘৰ ৰাজ্যিক সদস্য নম্ৰতা বৰা, ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি আৰু মানৱ অধিকাৰৰ সদস্য সকল উপস্থিত থাকে ।