ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা লোকৰ ৯০ শতাংশই মুছলমান সম্প্ৰদায়ৰ লোকঃ কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা যিমান লোক আৰক্ষীৰ হাতত ধৰা পৰিছে, তাৰ ৯০ শতাংশই মুছলমান সম্প্ৰদায়ৰ লোক। সেয়ে বিষয়টো চিন্তা কৰিবলগীয়া। কি কাৰণত মুছলমান যুৱকসকলে সঠিক পথত উপাৰ্জন কৰাৰ পৰিৱৰ্তে ড্ৰাগছৰ কবলত পৰিছে, সেয়া ভাবিবলগীয়া বিষয়। আহমেদেৰ মতে, ইছলাম ধৰ্মৰ ‘হাদিছ’ত স্পষ্টভাৱে উল্লেখ আছে ইছলাম ধৰ্মাৱলম্বী লোকে বেয়া বস্তু স্পৰ্শ কৰিবই নাপায়। বেয়া বস্তু স্পৰ্শ কৰাটো ইছলাম ধৰ্মৰ আওতাৰ বাহিৰত। সেয়া সম্পূৰ্ণ ধর্মবিৰোধী কাম। ড্ৰাগ্ছৰ দৰে বেয়া বস্তু স্পৰ্শ কৰাটো ইছলাম ধৰ্মৰ পৰিপন্থী। তেনে ক্ষেত্ৰত ইছলাম ধৰ্মাৱলম্বী লোক ড্ৰাগ্ছৰ কবলত পৰাটো উদ্বেগৰ বিষয়। এই সম্পর্কত তেওঁ আৰু কয় যে শেহতীয়াকৈ কৰিমগঞ্জ জিলা অগপৰ সভাপতিৰ ভাতৃও ১৮ কোটি টকাৰ ড্ৰাগ্ছসহ ধৰা পৰিছে।