ডুবাইত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ ৰোড শ্ব’

ডুবাইত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ ৰোড শ্ব’

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ অসম ২.০ ক সফল কৰি তোলাৰ উদ্দ্যেশ্যে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইৰ হিলটন হোটেলত আয়োজিত এক ৰোড শ্ব’ ত অংশ গ্ৰহণ কৰে অসমৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই।এই ৰোড শ্বোত ডুবাইৰ বিনিয়োগকাৰীৰ সৈতে হোৱা বৈঠকত মুখ্য অতিথি ৰূপে উপস্থিত থাকে উদ্যোগ মন্ত্ৰী বিমল বড়া। এই বৈঠকত উদ্যোগ মন্ত্ৰী বিমল বড়াই অসমৰ সমৃদ্ধিশালী খণ্ডসমূহত বিনিয়োগ, সহযোগিতা আৰু বিকাশৰ অপৰিসীম সুযোগসমূহৰ দিশত গুৰুত্ব প্ৰদান কৰে ৷ লগতে দেশখনৰ বিনিয়োগকাৰী তথা প্ৰতিনিধিবৃন্দক এডভান্টেজ আছাম ২.০ত অংশ হ’বলৈ অসমলৈ আমন্ত্ৰণ জনায় মন্ত্ৰী বিমল বড়াই ।ইয়াৰ পাছতে মন্ত্ৰী বড়াই সংবাদ মাধ্যমৰ লোক সকলৰ সৈতেও মত বিনিময় কৰে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সাংবাদিক সকলৰ আগত ব্যক্ত কৰি অসমক সৰ্বাধিক সম্ভাৱনাপূৰ্ণ বিনিয়োগৰ গন্তব্যস্থান হিচাপে বড়াই প্ৰকাশ কৰে। সাংবাদিকসকলক বড়াই দক্ষিণ-পূৱ এছিয়ান বজাৰৰ সৈতে ভৌগলিক নিকটতা আৰু অসমৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ বিষয়েও বিস্তৃত ব্যাখ্যা আগবঢ়ায় । উল্লেখযোগ্য যে অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ। এই দ্বিতীয় সংস্কৰণৰ নাম দিয়া হৈছে এডভান্টেজ অসম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিশ্বৰ প্ৰায় দুকুৰি দেশৰ প্ৰতিনিধি, উদ্যোগী, বাণিজ্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ কেইবাখনো দেশৰ প্ৰধান, মন্ত্ৰী, ৰাষ্ট্ৰদূত, উচ্চায়ুক্তই অংশগ্ৰহণ কৰিবলগীয়া এডভাণ্টেজ আছাম ২.০ৰ বাবে এতিয়া গুৱাহাটী মহানগৰীক ন-কৈ সজাই-পৰাই তোলা হৈছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে এডভাণ্টেজ আছাম ২.০ৰ সকলো প্ৰস্তুতিৰ বুজ লৈ আছে আৰু প্ৰতিটো অগ্ৰগতিৰ খতিয়ান প্ৰতিমুহুৰ্তত লৈ আছে ৷এই সন্মিলনতে অসমৰ চাহ বাগিচাৰ বহু যুৱক-যুৱতীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। ৮০০ খন চাহ বাগিচাৰ মুঠ ৭৫০০ নাচনী, কলা-কুশলীয়ে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব য’ত দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত থাকিব।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ভুটান চাৰিদিনীয়া কৈ ভ্ৰমণ কৰি এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ ৰোডশ্ব’ আৰু অতিথি নিমন্ত্ৰণ পৰ্ব আৰম্ভ কৰিছিল ৷