ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখ্যমন্ত্রী নিযুত মইনা আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কন্যাৰ উচ্চ শিক্ষাৰ বাট সুনিশ্চিত কৰি সৱলীকৰণৰ দিশে আগুৱাই নিবলৈ আৰু বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধেৰে এক সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ১০ লাখ ছাত্ৰীক সাঙুৰি ৮ আগষ্ট তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ প্ৰ-পত্ৰ বিতৰণ উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন, খাদ্য,ৰাজহুৱা বিতৰন আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে। কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড০ জিতেন হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) সংঘমিত্ৰা বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোনোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ গুৰু ড০ সুৰজিৎ বৰকটকী প্ৰমুখ্যে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীসকল। “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, নাৰীৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত তথা বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰাত এই আচঁনিখন যথেষ্ঠ ফলপ্ৰসূ পৰিগণিত হব। তেওঁ পুনৰ কয় যে বহু দৰিদ্ৰ পৰিয়ালৰ মেধাবী কন্যা সন্তানে কেৱল অৰ্থৰ অভাৱত আধাতে শিক্ষা সাং কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এই অভিলাষী এই আচঁনিখন সেইসকল ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ লগতে সুৰক্ষিত ভৱিষ্যত গঢ়াত যথেষ্ঠ সহায়ক হ’ব। আনহাতে, নাৰী সৱলীকৰণৰ ক্ষেত্রত এনে এক আচঁনি প্ৰৱৰ্তন কৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনিগৰাকী ছাত্ৰীলৈ আনুষ্ঠানিকভাবে “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ প্ৰ-পত্ৰ বিতৰণ কৰে। ইয়াৰ পাছতে, মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে বানীপুৰস্থিত সম্প্ৰাসৰণ কেন্দ্ৰ, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু অতিথি গৃহৰো ৯ আগষ্টত শুভ-উদ্বোধন কৰে।