ডিব্ৰুগড় বিজ্ঞান সমিতিৰ বৰ্ষপূৰ্তিৰ সভা সম্পন্ন

ডিব্ৰুগড় বিজ্ঞান সমিতিৰ বৰ্ষপূৰ্তিৰ সভা সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিজ্ঞান সমিতিৰ ২০২২-২০২৪ বৰ্ষৰ কাৰ্যকালৰ প্ৰথম বছৰ পূৰ্তি উপলক্ষে ৩০ জুলাই তাৰিখে এখনি সভা অনুষ্ঠিত কৰা হয়। বিজ্ঞান সমিতিৰ এগৰাকী অক্লান্ত সেৱক ড০পৰমানন্দ মহন্তদেৱৰ বাসগৃহত অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে সমিতিৰ সভাপতি ড০ভাৰতী দত্তই। সম্পাদক নাছিৰ চুলতানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু বিগত বছৰৰ কাৰ্যাৱলী পাঠ কৰে। বিজ্ঞানৰ প্ৰচাৰ -প্ৰসাৰত গুৰুত্ব প্ৰদান কৰি বুজন সংখ্যক অনুষ্ঠান অনুষ্ঠিত হোৱাত সভাই সন্তোষ প্ৰকাশ কৰে। বিশ্ব পৰিৱেশ দিবস, জল দিবস,স্বাস্থ্য সজাগতা অনুষ্ঠান আদি অনুষ্ঠিত কৰাৰ উপৰিও পুৰণি সদস্যৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে সাংগঠনিক দিশতো বহুখিনি কাম কৰা হৈছিল। কোষাধ্যক্ষ ড০ যশোৱন্ত সিংই বছৰটোৰ আয়-ব্যয়ৰ।হিচাপ দাখিল কৰে। আগন্তুক বৰ্ষৰ কৰ্ম আঁ‌চনিৰ এক ৰূপৰেখা সম্পৰ্কে সভানেত্ৰী গৰাকীয়ে সভাক অৱগত কৰে আৰু বিজ্ঞান সন্মত কৰ্ম আঁ‌চনিখনত সকলোৱে সন্মতি প্ৰদান কৰে। ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,বিজ্ঞানী এ পি জে আব্দুল কালামৰ জন্মদিৱস ১৫ অক্টোবৰ দিনটো ডিব্ৰুগড় বিজ্ঞান সমিতিয়ে বিজ্ঞান সজাগতাৰ দিনৰূপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ড০ পৰমানন্দ মহন্তই। সমিতিত আন কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত উপস্থিত থকা বিভিন্নজনে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়।ডিব্ৰুগড় বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুদক্ষিণা দাস ,সদস্য অজিত শৰ্মা, ড০সুলতানা হাজৰিকা, ড০ গোপাল হাজৰিকা প্ৰমুখ্যে কেইবাজনো বক্তাই গঠনমূলক পৰামৰ্শ আগবঢ়ায়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই সুদক্ষিণা দাসে।