ডিব্ৰুগড় নিৰ্বাচন জিলাত শান্তিপূর্ণভাবে লোকসভা নির্বাচনৰ ভােটগ্রহণ সম্পন্ন

ডিব্ৰুগড় নিৰ্বাচন জিলাত শান্তিপূর্ণভাবে লোকসভা নির্বাচনৰ ভােটগ্রহণ সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় নিৰ্বাচন জিলাৰ ১,২১১ টা ভােট গ্রহণ কেন্দ্রত প্রথম পৰ্যায়ৰ নিবার্চনৰ ভােটদান শান্তিপূর্ণভাৱে সম্পন্ন হয়। ডিব্ৰুগড় জিলা প্রশাসন তথা আৰক্ষীৰ সবল প্রচেষ্টাত কোনাে ধৰণৰ অপ্রিতীকৰ পৰিস্থিতিৰ সৃষ্টি নােহােৱাকৈ ভােটাৰ ৰাইজে নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰে। ডিব্ৰুগড় নিৰ্বাচন জিলাত সৰ্বমুঠ ১০,১৫,৫১৫ গৰাকী ভােটাৰৰ ৭,৮৯,৭৬৫ গৰাকী ভােটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ৪,০৩,০৫৬ গৰাকী মহিলা ভােটৰ আৰু ৩,৮৬,৭০৮ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে তৃতীয় লিংগৰ ভোটাৰ আছিল ১ জন। ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ ৫৪ নং ভােটগ্রহণ কেন্দ্রত সর্বাধিক ৯৪.৭১% আৰু দুলীয়াজান বিধানসভা সমষ্টিৰ ৫৫ নং ভোটগ্ৰহণ কেন্দ্রত সর্বনিম্ন ৩৮.৯০% ভােটদান সাব্যস্ত হয়। ডিব্ৰুগড় নিৰ্বাচনী জিলাত ৮৭ নং চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত ১ ৭৪,৫৯৫ গৰাকী ভোটাৰৰ বিপৰীতে ১,৩৭,৭৩০ গৰাকী ভোটাৰে (পুৰুষ ৬৭,৭০৩ গৰাকী আৰু মহিলা ৭০,০২৭), ৮৮ নং ডিব্ৰুগড় বিধানসভা সমষ্টিত ১,৯০,৮৩৩ গৰাকী ভোটাৰৰ বিপৰীতে ১,৪৬,৪৭৯ গৰাকী ভোটাৰে (পুৰুষ ৭১,৩৪১ গৰাকী আৰু মহিলা ৭৫,১৩৮), ৮৯ নং খোৱাং বিধানসভা সমষ্টিত ১,৫৪,৩১২ গৰাকী ভোটাৰৰ বিপৰীতে ১,২২,৫৭৫ গৰাকী ভোটাৰে (পুৰুষ ৬০,২৪৪ গৰাকী, মহিলা ৬২,৩৩০ গৰাকী আৰু তৃতীয় লিংগৰ ১ গৰাকী), ৯০ নং দুলীয়াজান বিধানসভা সমষ্টিত ১,৭২,৫৮৪ গৰাকী ভোটাৰৰ বিপৰীতে ১,২৯,৮৫৮ গৰাকী ভোটাৰে (পুৰুষ ৬৪,২৪১ গৰাকী আৰু মহিলা ৬৫,৬১৭ গৰাকী), ৯১ নং টিংখাং বিধানসভা সমষ্টিত ১,৬৮,৮১৭ গৰাকী ভোটাৰৰ বিপৰীতে ১ ৩৫,৬০৮ গৰাকী ভোটাৰে (পুৰুষ ৬৫,৪০৪ গৰাকী আৰু মহিলা ৭০,২০৪) আৰু ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিত ১,৫৪,৩৭৪ গৰাকী ভোটাৰৰ বিপৰীতে ১,১৭,৫১৫ গৰাকী ভোটাৰে (পুৰুষ ৫৭,৭৭৫ গৰাকী আৰু মহিলা ৫৯,৭৪০ গৰাকী) ভোটাধিকাৰ সাব্যস্ত কৰে। ডিব্ৰুগড় জিলা নির্বাচনী বিষয়া তথা জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱা সংশ্লিষ্ট সকলােপক্ষকে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে।