ডিব্ৰুগড় জিলা সমিতি আৰু তিনঠেঙীয়া ‘ অয়লাসগত ৰজনী কান্ত হাজৰিকা স্মৃতি দিৱস’ উদ্‌যাপন

ডিব্ৰুগড় জিলা সমিতি আৰু তিনঠেঙীয়া ‘ অয়লাসগত ৰজনী কান্ত হাজৰিকা স্মৃতি দিৱস’ উদ্‌যাপন

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা– অসমৰ অন্যতম প্ৰাচীন ঐতিহ্যপূৰ্ণ জনগোষ্ঠী সোনোৱাল কছাৰীসকলৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত ভাষা- সাহিত্য-সংস্কৃতি চৰ্চা  আৰু সাধনাৰ গতিধাৰাক অধিক উন্নত কৰাৰ লক্ষ্যৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত, ডিব্ৰুগড় জিলা সোনোৱাল কছাৰী সাহিত্য সভা তথা তিনঠেঙীয়া শাখা সমিতিৰ সহযোগত আৰু নগতে বৃহত্তৰ তিনঠেঙীয়াবাসী ৰাইজৰ আতিথ্যত ইতিহাসবিদ,চিন্তানায়ক “অয়লাসগত ৰজনী কান্ত হাজৰিকা স্মৃতি দিৱস” যোৱা ১৯ফেব্ৰুৱাৰী,২০২৪ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে তিনঠেঙীয়া ২ নং চৰাই হাবি গাঁৱৰ “এপল” সংঘৰ প্ৰাংগণত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, পতাকা উত্তোলন, ‘খ্ৰীং খ্ৰীং বাইথ সেৱা’ আৰু চাৰিমুখীয়া চাকি প্ৰজ্বলন,ৰজনী কান্ত হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ নিবেদন, সম্বৰ্ধনা অনুষ্ঠান, “অয়লাসগত ৰজনী কান্ত হাজৰিকাৰ জীৱন আৰু কৃতি” শীৰ্ষক বক্তৃতা অনুষ্ঠান প্ৰদান,জাতীয় কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শন, সোনোৱাল কছাৰী সাহিত্য সভাৰ শীৰ্ষ গীত পৰিৱেশন কৰাৰ লগতে সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱালৰ সভাপতিত্বত স্মৃতিচাৰণ সভাখনি অনুষ্ঠিত কৰা হয়। মুখ্য সম্পাদক মৃদুল সোনোৱাল, সম্পাদকদ্বয় প্ৰশান্ত কুমৰাল আৰু দিগন্ত হাজৰিকাই আতঁধৰা সভাখনি উদ্বোধন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য উপদেষ্টা গুণেশ্বৰ সোনোৱালে আৰু আদৰণী ভাষণ পাঠ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি লীলা হাজৰিকাই।  সোনোৱাল কছাৰী সাহিত্য সভাৰ পত্ৰিকা সম্পাদকদ্বয় কুসুম সোনোৱাল শইকীয়া আৰু উমেশ চন্দ্ৰ সোনোৱালে সম্পাদনা কৰা “সোনোৱাল কছাৰী সাহিত্য সভাৰ পত্ৰিকা”ৰ “তৃতীয় সংখ্যা”টো “ৰজনী কান্ত হাজৰিকা স্মাৰক সংখ্যা” হিচাপে ‘উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয় জ্যেষ্ঠ অধ্যাপক তথা লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক,ভাষাবিদ ড° উপেন ৰাভা হাকাচামে। তেওঁ কছাৰী শব্দটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কছাৰীমূলীয় জনগোষ্ঠীসমূহৰ চেতনা জাগ্ৰত কৰিব পৰা আটাইতকৈ শক্তিশালী উমৈহতীয়া জাতীয় শব্দ বুলি মন্তব্য কৰে। নিজৰ কৃষ্টিক নিজে সন্মান কৰিলেহে আন জাতি-জনগোষ্ঠীয়েও তেনে কৃষ্টিক সন্মান কৰিব আৰু এসময়ত পালন কৰিবলৈ লাজ অনুভৱ কৰা কৃষ্টিসমূহ আজিকালি জনগোষ্ঠীসমূহে পুনৰ পালন কৰি গৌৰৱ অনুভৱ কৰিবলৈ লৈছে বুলি তেওঁ উল্লেখ কৰে। সভাত মুখ্য বক্তা হিচাপে কিৰণময় শইকীয়া, বিশিষ্ট  অতিথি হিচাপে তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা, সদৌ অসম সোনোৱাল কছাৰী কল্যাণ সংঘ সভাপতি ভূৱন চন্দ্ৰ বড়া আৰু পৰিয়ালৰ ফালৰ পৰা  উমেশ হাজৰিকাই ৰজনী কান্ত হাজৰিকা বিষয়ক চিত্তাকৰ্ষক বক্তব্য আগবঢ়ায়। সভাখনিত আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বসন্ত সোনোৱাল আৰু খনীন্দ্ৰ সোনোৱাল, সাধাৰণ সদস্য অসীম সোনোৱাল, স্থানীয় বিশিষ্ট ব্যক্তি ৰহেশ্বৰ সোনোৱাল, যাদৱ হাজৰিকা আদি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বতে ৰজনী কান্ত হাজৰিকাৰ জীৱন আৰু কৃতি সামৰি মহানন্দ সোনোৱালৰ পৰিচালনাৰে নিৰ্মাণ কৰা “টাংলৌ চাপৰিৰ মানুহজন…” শীৰ্ষক এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় আৰু তথ্যচিত্ৰখনি উন্মোচন কৰে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিদীপ সোনোৱালে। সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোনোৱালে সভাৰ দৃষ্টিভংগী তথা পৰিকল্পনা আৰু বিগত বৰ্ষৰ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে আৰু অন্যতম সম্পাদক প্ৰশান্ত কুমৰালে সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায়।