ডিব্ৰুগড়ৰ সুদক্ষ আৰক্ষী বিষয়া ৰাজেশ দেউৰীৰ স্মাৰক গ্ৰন্থ ‘দেৱদ্ৰুম’  উন্মোচন

ডিব্ৰুগড়ৰ সুদক্ষ আৰক্ষী বিষয়া ৰাজেশ দেউৰীৰ স্মাৰক গ্ৰন্থ ‘দেৱদ্ৰুম’  উন্মোচন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাৰ লক্ষ্মীনগৰ নিবাসী তথা এগৰাকী সুদক্ষ আৰক্ষী বিষয়া [অনাঁতাৰ বিভাগ] ৰাজেশ দেউৰীৰ এখনি আটকধুনীয়া স্মাৰক গ্ৰন্থ ‘দেৱদ্ৰুম’ আজি (২৭-২-২৫) তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত উন্মোচন কৰা হয়৷ এই উপলক্ষে প্ৰয়াত দেউৰীৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৩২০ পৃষ্ঠাৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট লেখক, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অৱসৰী উপ সঞ্চালক ভৰত সন্দিকৈয়ে৷ উন্মোচনী ভাষণত তেওঁ কয় যে এখন স্মাৰক গ্ৰন্থই এজন লোকৰ বিষয়ে জানিবৰ বাবে যিমান সুবিধা প্ৰদান কৰে সিমানখিনি আন স্মাৰকসমূহে সুবিধা প্ৰদান কৰিব নোৱাৰে৷ ইয়াৰ লগতে গ্ৰন্থখনিয়ে প্ৰয়াত দেউৰীক জনমানসত এক নতুন জীৱন দান দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপনৰ লগতে¸ গ্ৰন্থখনি প্ৰণয়নৰ দৰে মহৎ কাৰ্যত জড়িত থকা প্ৰয়াত দেউৰীৰ সহধৰ্মিনী প্ৰিয়লতা দেউৰীৰ ব্যৱস্থাপনা আৰু সম্পাদনাৰ স’তে জড়িত যুটীয়া সম্পাদক দেৱজিত হাজৰিকা আৰু তুলসী গোহাঁইকে ধৰি সংশ্লিষ্ট সকলোৰে শলাগ লয়৷  আৰক্ষী বিষয়া প্ৰয়াত দেউৰী বিগত ২০২৪ বৰ্ষৰ আজিৰ দিনটোতে বগীবিল দলঙৰ সমীপত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত নিহত হৈছিল৷ লিকাবালিত কৰ্মৰত এইগৰাকী আৰক্ষী বিষয়াৰ স্মৃতিত সহধৰ্মিনী আৰু পৰিয়ালবৰ্গৰ লগতে প্ৰয়াত দেউৰীৰ সহকৰ্মীসকলৰ সহযোগত আয়োজন কৰা  উন্মোচনী অনুষ্ঠানটিৰ সঞ্চালনা কৰে  অসমীয়া সাহিত্যৰ বিশিষ্ট সমালোচক তথা কানৈ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক, ঔপন্যাসিক ড॰ মৃদুল শৰ্মাই৷ অনুষ্ঠানত উপস্থিত থাকি দেউৰী সাহিত্য সভাৰ প্ৰধান সম্পাদক অৱন দেউৰী, ‘দেৱদ্ৰুম’ ৰ সম্পাদনা সমিতিৰ উপদেষ্টা দেৱানন্দ দেউৰী, সভাপতি ইন্দ্ৰেশ্বৰ দেউৰী, নৰেন্দ্ৰ নাথ দেউৰী, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ আনহাতে গ্ৰন্থখনিৰ সম্পাদনা সমিতিৰহৈ যুটীয়া সম্পাদক তুলসী গোহাঁয়ে গ্ৰন্থখনিৰ প্ৰকাশৰ আঁৰৰ কথা ব্যক্ত কৰে৷ ‘দেৱদ্ৰুম’ ৰ সম্পাদনা সমিতিৰ যুটীয়া সম্পাদক তথা ঔপন্যাসিক, লেখক দেৱজিত হাজৰিকাই আঁতধৰা আৰু শলাগ জ্ঞাপন কৰা অনুষ্ঠানত প্ৰিয়লতা দেউৰীয়ে এই গ্ৰন্থখনি প্ৰকাশত সহযোগিতা কৰা সকলোৰে ধন্যবাদ জ্ঞাপন কৰি এক শুভ কাৰ্য সম্পাদিত হ’ল বুলি মন্তব্য কৰে৷ অনুষ্ঠানত প্ৰয়াত দেউৰীৰ স’তে একেলগে কৰ্মত যোগদান কৰা আৰু সম্প্ৰতি বিভিন্ন স্থানত কৰ্মৰত শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ, তিনিচুকীয়া, টিয়ক আদি স্থানৰ সহকৰ্মী সকলৰ লগতে মাতৃ হেলদা দেউৰী আৰু ওপজা গাঁও খোৱাং কলৌলোৱা দেউৰী গাঁৱৰ শতাধিক লোক উপস্থিত থাকে৷