ডিব্ৰুগড়ৰ বগা বাবা মাঝাৰৰ নতুন সমিতি গঠন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত বগাবাবা মাঝাৰৰ নতুন সমিতিখন বেলটৰ দ্বাৰা যোৱা ৬ অক্টোবৰত মাঝাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ মহামান্য ন্যায়াধীশ চিভিল (জ্যেষ্ঠ বিভাগ)ৰ ১৯/৮/২০২৪, ০১/১০/২০২৪ আৰু ০৩/১০/২০২৪ তাৰিখৰ ৰায় আৰু নিৰ্দেশনা পালন কৰি এই নিৰ্বাচন অনুষ্ঠিত কৰা হয়।বৃহত্তৰ ডিব্ৰুগড়ৰ ৩২ টা মছজিদ জামাতৰ ৫ গৰাকীকৈ প্ৰতিনিধিকে ধৰি মুঠ ৪৬২ গৰাকী ভোটদাতাই সম্পূৰ্ণ বেলট কাকত পদ্ধতিত ২৬৮ গৰাকী প্ৰাৰ্থীৰ পৰা মুঠ ২২ গৰাকী কাৰ্যকৰী সদস্য নিৰ্বাচন কৰে।আদালতৰ ৰায়ৰ ভিত্তিত ডিব্ৰুগড় জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ দক্ষ বিষয়া তথা চক্ৰ বিষয়া সমুজ্জ্বল বৰাৰ তত্বাৱধানত আৰু আৰক্ষী প্ৰশাসনৰ সুৰক্ষা বেষ্টনীত এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাধা কৰা হয়।শ্বেখ হাইদৰ আলিক সভাপতি, ,ছাজাদ খান আৰু হেদায়ৎ হুছেইনক উপ-সভাপতি, আব্দুল ছাদিকক সাধাৰণ সম্পাদক ,ছাহবাজ আহমেদ আৰু ছাবিৰ হুছেইনক সহকাৰী সম্পাদক, ছাহজাহ মাৰূফ ইছলামক কোষাধ্যক্ষৰ লগতে পোন্ধৰজনীয়া কাৰ্যকৰী সদস্য জাভেদ আখটাৰ খান, মুস্তাক আহমেদ গণি, জামিল খান, জৈনুল হুছেইন, মহম্মদ ৰহিম, বাবলু হুছেইন, ইমৰাণ মহম্মদ, পিঙ্কু আহমেদ, আকবৰ হুছেইন, চাহিদ আহমেদ, ফিৰোজ খান, আবেজ আহমেদ,ৰিকি হুছেইন, আবিদ হুছেইন আৰু মহম্মদ চাজিদ আলিক লৈ ২২ জনীয়া সমিতিখন নিৰ্বাচিত কৰা হয়।নতুন সমিতিখনে বিভিন্ন ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰি যাব বুলি ৰাইজে আশাৰে বাট চাব বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে। অতি সুকলমে নিৰ্বাচন সমাধা কৰাৰ বাবে মাঝাৰ সমিতিৰ দ্বাৰা নিযুক্ত নিৰ্বাচনী বিষয়া অধিবক্তা জৈনুদ্দিন আহমেদ, সহযোগী বিষয়া চেহিৰ আহমদ আৰু আব্দুল খালেকে সংশ্লিষ্ট সকলোকে ধন্যবাদ জনোৱাৰ লগতে নতুন সমিতিৰ সদস্য সকলক অভিনন্দন জ্ঞাপন কৰে। মাঝাৰৰ সাধাৰণ সম্পাদক আব্দুল ছাদিকেও জিলা প্ৰশাসন,ডিব্ৰুগড় আৰক্ষী প্ৰশাসন আৰু ভোটদাতা সকলৰ লগতে নিৰ্বাচনলৈ প্ৰতিনিধি পঠিওৱা স্থানীয় মছজিদ সমূহৰ জামাতক ধন্যবাদ জ্ঞাপন কৰে।